সোমবাৰৰ দিনটো অতি শুভ হয় এই ৰাশিৰ জাতক – জাতিকাৰ বাবে
প্ৰেম ,ধন আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰত সুফল লাভ কৰিব এই ৰাশিৰ লোক!

হিন্দু ধৰ্মত সোমবাৰ ভগৱান শিৱৰ সৈতে জড়িত। এই দিনটোত ভগৱান শিৱক পূজা-অর্চনা কৰিলে মনোকামনা পূৰণ হোৱাৰ লগতে জীৱনত সুখ-সমৃদ্ধি বৃদ্ধি হয়। বিশেষভাৱে সোমবাৰৰ দিনটো কেইটামান জাতক – জাতিকাৰ বাবে অতিকৈ শুভ হয়।এইকেইটা ৰাশিৰ ব্যক্তিসকলে ভগৱান শিৱক পূজা কৰিলে প্ৰেমৰ পৰা আৰম্ভ কৰি ধন, আৰু কৰিয়াৰত সকলোতে লাভ কৰে কেৱল মাত্ৰ সফলতা।বৃষ ৰাশি-সোমবাৰৰ দিনটো বৃষ ৰাশিৰ লোকৰ বাবে অত্যন্ত শুভ হয়।এই দিনটোত বৃষ ৰাশি জাতকে শিৱক পূজা-অর্চনা কৰিলে ভগৱান শিৱৰ কৃপাত আৰ্থিক অৱস্থাত উন্নতি হয়।কর্কট ৰাশি-কর্কট ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো ইতিবাচক আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ। সোমবাৰৰ দিনটো কোনো এটা শুভ কাম কৰিব বিচাৰিলে কৰিবও পাৰে।মিথুন ৰাশি-মিথুন ৰাশিৰ জাতকসমূহে আজিৰ দিনটোত সমাজত সন্মান আৰু খ্যাতি লাভ কৰিব। উৎকৃষ্ট প্ৰদৰ্শনৰ জৰিয়তে নিজস্ব পৰিচয় গঢ়িব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰৱ দিনটো খুবেই শুভ।তুলা ৰাশি-তুলা ৰাশিৰ জাতকৰ বাবে এই দিনটো চৰকাৰী ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। আৰ্থিক ক্ষেত্ৰত সফলতা লাভ হ’ব, আৰু পৰিয়ালৰ পিতৃ বা পিতৃ-পিতামহৰ সম্পত্তিৰ পৰা লাভ লাভ কৰিব পাৰে।মকৰ ৰাশি-মকৰ ৰাশিৰ জাতকৰ বাবে সোমবাৰৰ দিনটো শুভ।এই দিনটোত শিৱক পূজা-অর্চনা কৰিলে আৰ্থিক দিশত সফলতা লাভ কৰে ।

