অসমআঞ্চলিকপৰিৱেশবন্যপ্ৰাণী

বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ

নতুন সংযোজন হিচাপে ঘোষণা কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পালে

এটা ভাল খবৰ! বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ। বিশ্বনাথ জিলাৰ মুনাবাৰী বাগিচাৰ ৪৫২ হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিৰ অনুমোদন জনালে ৰাজ্য চৰকাৰে৷ অন্তৰ্ভুক্তি সন্দৰ্ভত, মঙলবাৰে অসম চৰকাৰে এক জাননী প্ৰকাশ কৰাৰ কথা জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু সেই ভূমি প্ৰয়োজন বুলি অৱগত কৰাত অসম চৰকাৰে মুনাবাৰী বাগিচাৰ সেই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে ঘোষণা কৰে।

নতুন সংযোজন হিচাপে ঘোষণা কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পালে ৷ নতুন পৰিসৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক অধিক সুৰক্ষিত কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.