অপৰাধঅসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰা লাল মিঞা আটক

আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰা লাল মিঞা আটক।

ৰূপহীহাটত আটক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মহম্মদ আলী ওৰফে লাল মিঞা।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰিছিল মহম্মদ আলীয়ে। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ নহয়, পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে মুছলমানে ৰাজত্ব কৰিব বুলি মন্তব্য কৰিছিল মহম্মদ আলীয়ে৷ ৰূপহী বিজেপি মণ্ডলে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিৰ্তকিত নেতা মহম্মদ আলীৰ বিৰুদ্ধে গোছৰ ৰুজু কৰে ৰূপহীহাট আৰক্ষী থানাত।

ৰূপহীহাট আৰক্ষীয়ে আটক কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদকক। আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.