Assamleatest updateSocialSocial Networkআন্তঃৰাষ্ট্ৰীয়

ঘনে ঘনে বৃদ্ধি পাইছে উৎকণ্ঠা! আজি ISROএ গঢ়িব ইতিহাস।

এই অভিলেখ সৃষ্টি কৰা সফলতাৰ আঁৰৰ ISROৰ কোন এইগৰাকী ব্যক্তি।

আজি ISROএ গঢ়িব ইতিহাস। লেণ্ডাৰ বিক্ৰমে মসৃণ অৱতৰণ কৰিব জোনৱাইৰ বুকুত। ৰ’ভাৰ প্ৰজ্ঞানে বিচৰণ কৰিব চন্দ্ৰপৃষ্ঠত। ঘনে ঘনে বৃদ্ধি পাইছে উৎকণ্ঠা। কিন্তু এই অভিলেখ সৃষ্টি কৰা সফলতাৰ আঁৰৰ ISROৰ কোন এইগৰাকী ব্যক্তি। চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰত ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথৰ অৱদান বৃহৎ। ইয়াৰ পূৰ্বে তেওঁ মহাকাশ সন্থাৰ বাবে ৰকেট প্ৰযুক্তি বিকাশৰ প্ৰাথমিক কেন্দ্ৰ বিক্ৰম ছাৰাভাইৰ মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰ’পালচন চিষ্টেম চেণ্টাৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ISROত দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁৰ নেতৃত্বত চন্দ্ৰযান-৩, আদিত্য LA আৰু গগণজানৰ দৰে গুৰুত্বপূৰ্ণ অভিযানে গতি লাভ কৰিছে। পি বিৰামথুৱেলে ২০১৯ চনত চন্দ্ৰযান–৩ৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান ISROৰ মুখ্য কাৰ্যালয়ত মহাকাশ আন্তঃগাঁথনি কাৰ্যসূচী কাৰ্যালয়ত উপ–সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

চন্দ্ৰযান-২ অভিযানতো গুৰুত্বপূপ্ণ ভূমিকা পালন কৰিছিল তেখেতে। বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী এছ মোহন কুমাৰ চন্দ্ৰযান–৩ৰ মিছন সঞ্চালক। পূৰ্বতে তেওঁ LVM 3, M3 অভিযানত 1 WABE INDIA-2 উপগ্ৰহৰ সফল বাণিজ্যিক উৎক্ষেপণৰ বাবে সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এম শংকৰণ ইউ আৰ ৰাও উপ্গ্ৰহ কেন্দ্ৰৰ সঞ্চালক। এই কেন্দ্ৰই ISROৰ বাবে ভাৰতৰ সকলো উপগ্ৰহ নিৰ্মাণ কৰে।

শংকৰণে বৰ্তমান দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ উপগ্ৰহ প্ৰস্তুত কৰা দলটোক পথ প্ৰদৰ্শন কৰি আছে। এছ উন্নীকিষ্ণন নায়াৰ বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক। কেৰালাৰ তিৰুঅনন্তপুৰম জিলাৰ থুম্বাত বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰই উৎক্ষেপণ বাহন মাৰ্ক-3 নাম দিয়া ভূ–সমকালীন উপগ্ৰহ উৎক্ষেপণ বাহন মাৰ্ক–৩ বিকশিত কৰিছিল। চন্দ্ৰযান–৩ৰ বহু গুৰুত্বপূৰ্ণ কামত নিয়োজিত আছে এছ উন্নীকিষ্ণন। চন্দ্ৰযান–৩ত ৫৪গৰাকী মহিলা অভিযন্তা বিজ্ঞানীৰ অৱদান উল্লেখনীয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button