Socialঅৰুণাচল প্ৰদেশধৰ্মীয়ভাৰত

গো-মাংসক লৈ জিলা প্ৰশাসনৰ কঠোৰ  নিৰ্দেশনা জাৰি!

হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনব’ৰ্ডৰ পৰা আঁতৰাব লাগিব ‘গোমাংস’ শব্দ

গো-মাংসক লৈ জিলা প্ৰশাসনৰ কঠোৰ  নিৰ্দেশনা জাৰি!
হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনব’ৰ্ডৰ পৰা আঁতৰাব লাগিব ‘গোমাংস’ শব্দ

মুছলমান হোটেল আৰু ৰেষ্টুৰেণ্টসসমূহলৈ দিয়া হৈছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাত হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনব’ৰ্ডৰ পৰা ‘গোমাংস’ শব্দটো আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ধৰ্মনিৰপেক্ষতা বজাই ৰখা হয়।

জানিবলৈ পোৱা মতে অৰুণাচল প্ৰদেশৰ যি সমূহ হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনবোৰ্ড ‘গোমাংস’ শব্দটো লিখা আছে সেই হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ ছাইনবোৰ্ডৰ পৰা ‘গোমাংস’ শব্দটো আঁতৰাই দিব লাগে।

১৩ জুলাইত ইটানগৰৰ নাহৰলগুন উপ-বিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্তই এই নিৰ্দেশ জাৰি কৰিছিল। যদি নিৰ্দেশনাবোৰ ১৮ জুলাইৰ ভিতৰত পালন কৰা নহয় তেনেহলে ২০০০ টকাৰ জৰিমনা৷ লগতে বাণিজ্য অনুজ্ঞাপত্ৰ বাতিল কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব বুলি নিৰ্দেশ দিয়া হৈছে ।

বিবৃতিটোত কোৱা হৈছে যে গোমাংস শব্দটো এনেদৰে চাইনবোৰ্ডত মুকলিকৈ লিখাটো ঠিক নহয় কিয়নো ই বিভিন্ন সম্প্ৰদায়ত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।

সেয়েহে, ধৰ্মনিৰপেক্ষতা বজাই ৰাখিবলৈ আৰু পাৰস্পৰিক ভাতৃত্ববোধ সুৰক্ষিত ৰাখিবলৈ, হোটেল আৰু ৰেষ্টুৰেণ্টবোৰক ১৮ জুলাইৰ ভিতৰত ছাইনবোৰ্ডৰ পৰা গোমাংস শব্দটো আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.