অপৰাধঅসম

প্ৰেমজনিত কাৰণত নৃশংস হত্যা এজন যুৱকক! উত্তেজিত লোকে জ্বলাই দিলে বাসগৃহ

সাতজনকৈ লোকক আটক আৰক্ষীৰ

গোৱালপাৰাৰ বগুৱানত ভয়ংকৰ ঘটনা। প্ৰেমজনিত কাৰণত নৃশংস হত্যা এজন যুৱকক।

উত্তেজিত লোকে জ্বলাই দিলে প্ৰেমিকাসহ ৩ পৰিয়ালৰ গৃহ। নিহত যুৱকজন জয়পুৰ গাঁৱৰ মিৰাজুল ইছলাম ভূঞা বুলি জানিব পৰা গৈছে।

জয়পুৰ গাঁৱৰ এইগৰাকী মিৰাজুল ইছলাম ভূঞাৰ প্ৰেমৰ সম্পৰ্ক আছিল থেপকাইৰ এগৰাকী যুৱতীৰ লগত।

যোৱা শুক্ৰবাৰৰ নিশা যুৱতী গৰাকীয়ে নিজ গৃহত মাতি পঠিয়াইছিল মিৰাজুলক। সেই মতে মিৰাজুলে উপস্থিত হৈছিল প্ৰেমিকাৰ গৃহত। মিৰাজুলে এগৰাকী বন্ধুৰ লগত প্ৰেমিকাৰ গৃহত গৈছিল যদিও বন্ধু গৰাকীক প্ৰেমিকাৰ গৃহৰ কাষত ৰৈ থাকিবলৈ কৈছিল। পিছত নিশা প্ৰায় দেৰ বজালৈ মিৰাজুলে আহি নোপোৱাত বন্ধু জনে ঘৰলৈ উভতি যায় আৰু মিৰাজুলৰ পৰিয়ালক ঘটনাৰ সবিশেষ জনায়। শনিবাৰলৈ সন্ধিয়া মিৰাজুলক পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও কোনো খবৰ নাপাই বগুৱান আৰক্ষীক অৱগত কৰে। শনিবাৰে নিশাই বগুৱান আৰক্ষীয়ে মিৰাজুলৰ সন্ধানত অভিযান চলায়।

উল্লেখ্য যে দেওবাৰৰ সন্ধিয়া প্ৰেমিকাৰ গৃহৰ পিছফালৰ পুখুৰীত স্থানীয় ৰাইজে মিৰাজুলৰ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে একাংশ লোক উত্তেজিত হৈ পৰে। উত্তেজিত লোকে প্ৰেমিকাৰ পিতৃ তথা ময়েজ উদ্দিনৰ গৃহৰ লগতে গাওঁবুঢ়া হজৰত আৰু পঞ্চায়ত সদস্য আনোৱাৰ হুছেইনৰ গৃহৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে তিনিওৰে গৃহত অগ্নি সংযোগ কৰে। অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। অৱশ্যে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বগুৱান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। ইপিনে ঘটনাস্থলীত উপস্থিত হয় গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা, উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। ইতিমধ্যে এই ঘটনা সংক্রান্তত সোধ পোচৰ বাবে সাতজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + five =

Back to top button