অসমঅসম আৰক্ষী

সাংবাদিকৰ ওপৰত ভুতৰ ওপৰত দানহ পৰাদি জঁপিয়াই পৰিল প্ৰতিবাদকাৰী

এয়াই সংবাদকৰ্মীৰ প্ৰতি ৰাইজৰ আস্থা আৰু সন্মান!

“ইহঁতবোৰ চৰকাৰৰ চামচা!”
“চৰকাৰে যি কয় তাকেই বজায়”
“News Channelৰ ওপৰত আমাৰ ভৰষা নাই”
হয় ঠিকেই শুনিছে আপুনি। গণতন্ত্ৰৰ চতুৰ্থ বৃহৎ স্তম্ভ সংবাদ মাধ্যম জনসাধাৰণৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। জনসাধাৰণ হৈ জনসাধাৰণৰ হকে ৰাতি দিন একাকাৰ কৰা সাংবাদিকে খাব লগীয়া হয় লাঠীৰ কোব।

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱা সময়ত উত্তেজিত হৈ উঠে বাক্সাৰ সহস্ৰাধিক জুবিন অনুৰাগী। শিলগুটি নিক্ষেপ কৰে আৰক্ষীৰ বাহনলৈ, আৰু ক্ৰমাত অনিয়ন্ত্ৰিত হৈ পৰে পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে শূন্যলৈ নিক্ষেপ কৰে গুলী। তাৰ পিছৰ পৰিস্থিতি এইয়া….

ভূল শুদ্ধ বিচাৰ নকৰি জ্বলাই দিলে সংবাদ মাধ্যমৰ বাহন।
চকুৰ সন্মুখতে দাউ দাউকৈ জ্বলি শেষ হৈ গʼল সাংবাদিকৰ বুম আৰু গাড়ী। ইমানতো ক্ষান্ত নাথাকি বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত ভুতৰ ওপৰত দানহ পৰাদি জঁপিয়াই পৰিল প্ৰতিবাদকাৰী। মূহুৰ্ততে তেজেৰে ৰাঙলী হৈ পৰিল বাক্সা।
এয়াই সংবাদকৰ্মীৰ প্ৰতি ৰাইজৰ আস্থা আৰু সন্মান! নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰতিজন সাংবাদিকে পালন কৰে নিজৰ কৰ্তব্য। তেনে পৰিস্থিতিত আপোনালোকৰ এনে ব্যৱহাৰে মন ভাঙি দিয়ে সাংবাদিকৰ। প্ৰতিজন সাংবাদিক ৰাইজৰ পক্ষত, ৰাইজে এনে ব্যৱহাৰ কৰিলে কেনেকৈ সংবাদমাধ্যম সুৰক্ষিত হৈ থাকিব ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.