AssamCity newsঅসমকৃষিগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

‘পথাৰো আমাৰ বজাৰো আমাৰ’ এই শ্ল’গানেৰে গঢ়ি তুলিছে নলবাৰীৰ সুৰাদীত জৈৱিক কৃষিপাম…. পিছে কেনেধৰণে এই জৈৱিক কৃষিপামৰ উৎপাদন কৰা হৈছে?

‘পথাৰো আমাৰ বজাৰো আমাৰ’ এই শ্ল’গানেৰে গঢ়ি তুলিছে নলবাৰীৰ সুৰাদীত জৈৱিক কৃষিপাম।

সকলোতেই ভোগালীক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।

তাৰ মাজতেই নলবাৰীৰ এটা অঞ্চলৰ কৃষক ৰাইজো সাজু হৈ উঠিছে বিহুৰ বাবে।

নলবাৰী জিলাৰ টিহুৰ পশ্চিম সুৰাদীৰ নৈপৰীয়া কৃষক ৰাইজে মৰা পাগলদিয়া নৈৰ দাঁতিতেই কৰিছে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি।

নৈখনৰ দুয়োপাৰে কেৱল সেউজীয়া।

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে পশ্চিম সুৰাদীৰ নৈপৰীয়া অঞ্চলৰ কৃষকসকলে উৎপাদন কৰে শাক পাচলি।

বিহুৰ প্ৰাকক্ষণত বান্ধকবি, ওলকবি, ব্ৰকলি, বিলাহী, গাজৰ, বেঙেনা আদি বজাৰলৈ আনিব কৃষকসকলে।

এই অঞ্চলত উৎপাদিক বিভিন্ন শাক-পাছলি নলবাৰী, বাক্সা, গুৱাহাটীৰ লগতে খাৰুপেটীয়াৰ বজাৰলৈও ৰপ্তানি কৰা হয়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.