AssamEducationSocialমৰিগাঁওশিক্ষা

চৰকাৰী খণ্ডৰ এখন বিশেষ প্ৰাথমিক বিদ্য়ালয়ৰ মুগ্ধকৰ পৰিৱেশ

মৰিগাঁও জিলাত অৱস্থিত এখন বিশেষ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ পৰিষ্কাৰ পৰিচন্নতা আৰু আভ্য়ন্তৰীণ পৰিৱেশে আকৰ্ষিত কৰিব আপোনাকো

হীৰক জয়ন্তী গৰকা এখন প্ৰাথমিক বিদ্য়ালয়। মৰিগাঁও জিলাৰ তিখাবড়ী গাঁৱত অৱস্থিত এই বিশেষ বিদ্যালয়খন। ১ নং তিখাবড়ী প্ৰাথমিক বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া মুঠ ১০৫ গৰাকী। তাৰ বিপৰীতে মাত্ৰ দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰে বিদ্য়ালয় খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক। শিকাৰ প্ৰতি অধীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকল। ১৯৪৫ চনতে স্থাপিত হোৱা বিদ্য়ালয় খনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বিনেশ্বৰ পাটৰে ছাত্ৰ-ছাত্ৰী সকলৰ শিকাৰ প্ৰতি আগ্ৰহ দেখি অৱসৰ গ্ৰহণ কৰাৰ পিছতো পাঠদান কৰিবলৈ আহে বিদ্য়ালয়খনলৈ। পাঠদানৰ বাবদ গ্ৰহণ নকৰে তেখেতে কোনো মাচুল।

পাঠ্য়পুথিৰ শিক্ষাৰ লগতে গীত,নৃত্য়,অভিনয়,আবৃত্তি সকলো দিশতে সব্য়সাচী বিদ্য়ালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল। প্ৰতিটো বিভাগৰ বাবে আছে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দপ্তৰ। প্ৰতিটো বিভাগৰ মুৰব্বী হিচাবে সকলো পৰিচালিত হয় ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা। বিদ্যালয়খনৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত সচেতন অভিভাৱক-অভিভাৱিকাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতি গৰাকী বিষয়ববীয়া।
উল্লেখযোগ্য় যে, বিদ্যালয় খনৰ প্ৰতি আকৃষ্ট হৈ ব্য়ক্তিগত খণ্ডৰ বিদ্য়ালয় ত্য়াগ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে, যিটো বিদ্য়ালয় খনৰ বাবে ইতিবাচক দিশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button