Social

২১ দিন খালী ভৰিৰে থাকিব ‘RRR’ৰ নায়ক জুনিয়ৰ এনটিআৰ, পিছে কিয়?

হনুমান জয়ন্তীৰ দিনটোত মন্দিৰত পূজা-অৰ্চনা কৰে অভিনেতাগৰাকীয়ে। জুনিয়ৰ এনটিআৰে হনুমান দীক্ষা গ্ৰহণ কৰাৰ পাছৰে পৰা ২১ দিন খালী ভৰিৰে থকাৰ লগতে সাত্বিক আহাৰ গ্ৰহণ কৰিব।

বিশ্বজুৰি খলকনি তুলিছে দক্ষিণ ভাৰতৰ চুপাৰ হিট চিনেমা RRRয়ে। চিনেমাখনৰ শুভমুক্তিৰ পিছৰে পৰা অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে চিনেমাখনৰ মুখ্য নায়ক জুনিয়ৰ এনটিআৰে। শেহতীয়াকৈ জুনিয়ৰ এনটিআৰে লোৱা এটা সিদ্ধান্তই খলকনি তুলিছে অনুৰাগীৰ মাজত।

 

হনুমান দীক্ষা ল’লে জুনিয়ৰ এনটিআৰে। সেয়েহে ২১ দিনলৈ খালী ভৰিৰে থাকিব অভিনেতাগৰাকী। গেৰুৱা বসন পিন্ধি ডিঙিত মালা ওলমাই, কপালত তিলক লগোৱা অভিনেতাগৰাকীৰ এখন বিশেষ ফটো বৰ্তমান ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

শনিবাৰে, RRRৰ ষ্টাৰগৰাকীয়ে এটা মন্দিৰত আয়াপ্পা দীক্ষা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। হনুমান জয়ন্তীৰ দিনটোত মন্দিৰত পূজা-অৰ্চনা কৰে অভিনেতাগৰাকীয়ে। জুনিয়ৰ এনটিআৰে হনুমান দীক্ষা গ্ৰহণ কৰাৰ পাছৰে পৰা ২১ দিন খালী ভৰিৰে থকাৰ লগতে সাত্বিক আহাৰ গ্ৰহণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.