অসমদুৰ্ঘটনাদৈনিক বাতৰি

গোৰেশ্বৰত ড্ৰাইভাৰৰ প্ৰ*#হাৰত আহত আৰক্ষী নায়ক

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষী নায়ক পৰেশ ডেকাই দাখিল কৰিছে এখন এজেহাৰ

গোৰেশ্বৰ থানাৰ চৌহদৰ ভিতৰত সুৰক্ষিত নহয় আৰক্ষী। বৃহস্পতিবাৰে নিশা থানাৰ হোমগাৰ্ড ড্ৰাইভাৰ আব্দুল আলীৰ প্ৰহাৰত আহত আৰক্ষী নায়ক পৰেশ ডেকা।

ব্যক্তিগত সংঘাতৰ পৰিণতিত এই ভয়ংকৰ মাৰপিতৰ ঘটনাৰ সংঘটিত হোৱাৰ সন্দেহ । ঘটনাৰ অভিযোগ অনুসৰি প্ৰথমে চালক আব্দুল আলীক প্ৰহাৰ কৰে আৰক্ষী নায়ক পৰেশ ডেকাই ৷ পিছত আব্দুল আলীয়ে কৰ্তব্যৰত আৰক্ষীগৰাকীক বাটামেৰে মৰিয়াই কৰে ৰক্তাক্ত ৷

নিশাই আৰক্ষী নায়ক পৰেশ ডেকাক গোৰেশ্বৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় । আহত আৰক্ষীগৰাকীৰ মুৰত চাৰিটাকৈ চিলাই কৰে চিকিৎসকে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষী নায়ক পৰেশ ডেকাই দাখিল কৰিছে এখন এজেহাৰ ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.