AssamElectionInternationalleatest updatepoliticalআন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

নিৰ্বাচনী হিংসাত জ্বলিছে বাংলাদেশ,চলন্ত ৰেলত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই

শুকুৰবাৰৰ নিশা ঢ়াকাৰ সমীপৰ গোপীবাগত এক চাঞ্চল্যকৰ ঘটনা। চলন্ত ৰেলত দুৰ্বৃত্তৰ অগ্নি সংযোগ। অগ্নিদগ্ধ হৈ মৃত্যু শিশু সহ ৫ জনৰ।

নিৰ্বাচনী হিংসাত জৰ্জৰিত হৈ পৰিছে বাংলাদেশ। শুকুৰবাৰৰ নিশা ঢ়াকাৰ সমীপৰ গোপীবাগত এক চাঞ্চল্যকৰ ঘটনা। চলন্ত ৰেলত দুৰ্বৃত্তৰ অগ্নি সংযোগ। অগ্নিদগ্ধ হৈ মৃত্যু শিশু সহ ৫ জনৰ। বেনাপুৰ ইন্টাৰচিটী এক্সপ্ৰেছত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। ঘটনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। যাত্ৰীবাহী ৰেলখনৰ চাৰিটাকৈ ডবা সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

ৰে’ল খনত প্ৰায় ২৯২ জন‌‌ যাত্ৰী আছিল। তেওঁলোক বেছিভাগেই ভাৰতৰ পৰা ঘৰলৈ উভতি আহিছিল। ৰে’ল খন নিশা ৯ বজাত গোপীবাগত উপস্থিত হোৱাৰ পিছতে দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

উল্লেখযোগ্য যে, ৭ জানুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। বাংলাদেশৰ মূখ্য বিৰোধী ৰাজনৈতিক দল বি এন পিয়ে নিৰ্বাচন বৰ্জন কৰাৰ ফলত দেশখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ইফালে বি এন পিয়ে আজিৰ পৰা ৪৮ ঘন্টীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.