আন্তঃৰাষ্ট্ৰীয়

ড্ৰোণৰ জৰিয়তে হত্যাৰ চেষ্টা, কথমপি প্ৰাণৰক্ষা ইৰাকৰ প্ৰধানমন্ত্ৰীৰ

এই আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰীৰ কোনোধৰণৰ ক্ষতি নহ'লেও আহত হৈছে কাদিমীৰ সাতজন নিৰাপত্তাৰক্ষী।  

নিৰাপত্তাৰক্ষী থাকিও অসুৰক্ষিত ইৰাকৰ প্ৰধনমন্ত্ৰী। দেওবাৰে, কথমপি প্ৰাণৰক্ষা ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল কাদিমীৰ।

দেওবাৰে পুৱা কাদিমীৰ বাগদাদৰ বাসগৃহত ড্ৰোণেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। পিছে সৌভাগ্যজনকভাৱে কথমপি প্ৰাণৰক্ষা প্ৰধানমন্ত্ৰীগৰাকীৰ। আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা নাই কাদিমী। বৰ্তমান সুস্থ অৱস্থাত আছে ইৰাকৰ প্ৰধানমন্ত্ৰীগৰাকী।

ড্ৰোণ আক্ৰমণৰ জৰিয়তে কাদিমীক হত্যাৰ অপচেষ্টা কৰিছিল দুৰ্বৃত্তই। বিস্ফোৰক ভৰ্তি ড্ৰোণৰ জৰিয়তে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল ইৰাকৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত । অতৰ্কিতে কৰা এই আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰীৰ কোনোধৰণৰ ক্ষতি নহ’লেও আহত হৈছে কাদিমীৰ সাতজন নিৰাপত্তাৰক্ষী।  

ইতিমধ্যে, এই ব্যৰ্থ প্ৰচেষ্টাৰ বাবে নিৰাপত্তাৰক্ষীয়ে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.