Social

এগৰাকী ছোৱালীৰ কাৰণে শান্তিপূৰ্ণভাৱে থাকিবলৈ এক সুৰক্ষিত আৰু সুখী স্থান হৈ উঠক এই পৃথিৱী’আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

’আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'

ভাৰতত প্ৰতি বছৰে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। আজিৰ সময়ত দেশৰ কন্যা সন্তানে প্ৰতিটো ক্ষেত্ৰতে নিজৰ নাম বিখ্যাত কৰি তুলিছে। কিন্তু আজিও ভাৰতত কন্যা জন্মত মানুহে দুখী হৈ পৰে। কন্যা আৰু পুত্ৰৰ মাজত থকা বৈষম্য আজিও আমাৰ সমাজত দেখা পোৱা যায়।

আমাৰ দেশৰ স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰে কন্যা সন্তানক দেশৰ প্ৰথম স্থানলৈ অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। ইয়াৰ বাবেই আৰম্ভ হ’ল ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন।

দেশৰ কন্যাসকলক সৱলীকৰণৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ ২৪ জানুৱাৰীত এই বিশেষ দিনটো উদযাপন কৰাৰ ই এক বিশেষ কাৰণ।

উল্লেখ্য যে, প্ৰতি বছৰে ২৪ জানুৱাৰীক কন্যা শিশু দিৱস হিচাপে পালন কৰাৰ এক বিশেষ কাৰণ আছে। এই কাৰণ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে জড়িত। ১৯৬৬ চনত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.