অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ ধৰ্ষণৰ ঘটনা! ৰৌতাত ৪৬ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী..

ধৰ্ষণ, অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে নাৰীৰ ওপৰত নিৰ্জাতন ,ধৰ্ষনৰ দৰে জঘন্য ঘটনা

ৰৌতাত ৪৬ বছৰীয়া লম্পটৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী। লালপুল আৰক্ষী চকীত এজাহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ।

ধৰ্ষণ, অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে নাৰীৰ ওপৰত নিৰ্জাতন ,ধৰ্ষনৰ দৰে জঘন্য ঘটনা।

কোনো দিশেই যেন সুৰক্ষিত নহয় নাৰী সমাজ,  সেইয়া লাগিলে যুৱতীয়ে হওক ,বোৱাৰিয়ে হওক নাইবা কিশোৰীয়েই হওক।

তেনে এক জঘন্য-লজ্জানক ঘটনা পোহৰলৈ আহিছে ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰীত । লালপুল আৰক্ষী চকীৰ অন্তৰ্গত ঢিপভিচৰা গাঁৱৰ ৪৬ বছৰীয়া লম্পটে ইকৰাবাৰীৰ ১১ বছৰীয়া কিশোৰী ছোৱালীক ধৰ্ষণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী পৰিয়ালে ।

অভিযোগ অনুসৰি,যোৱা ১৮ মাৰ্চ,২০২২ তাৰিখ শুক্ৰবাৰে ঢিপভিচৰা গাঁৱৰ লম্পট-নৰপিশাচ আব্দুল ৰহিমে ইকৰাবাৰী গাঁৱৰ ভিক্ষা কৰি খোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ১১ বছৰীয়া কিশোৰীজনীক পঢ়োৱাৰ চলেৰে লৈ গৈ ৰাতি কিশোৰীজনীক বলপূৰ্বক ভাৱে ধৰ্ষণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

ভোক্তভোগী পৰিয়ালে কোৱা মতে কিশোৰী ছোৱালীজনীক ধৰ্ষণৰ সময়ত চিঞৰ-বাখৰ কৰাত নৰপিশাচ আব্দুল ৰহিমৰ পত্নীয়ে ছোৱালীজনীৰ মুখত কাপোৰেৰে হুপা মাৰি ধৰে। পিছত ধৰ্ষণৰ বলি হোৱা কিশোৰীজনী ৰাতিপুৱা শৌচ কৰাৰ চলেৰে উক্ত ঘৰৰ পৰা পলাই আহি মাকক কান্দি -কান্দি কথাটো অৱগত কৰোৱাৰ পিছতে এই জঘন্য -লজ্জাজনক ঘটনাটো পোহৰলৈ আহে।

এই লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধনৰ দ্বাৰা ঘটনাটো গাপ দিয়াৰ বাবে লম্পট আব্দুল ৰহিমে কিছু দালালৰ হতুৱাই পৰিয়াল তীব্ৰ হেঁচা প্ৰয়োগ কৰে যদিও পৰিয়ালে এই সন্দৰ্ভত যোৱা ১৯ মাৰ্চ,শনিবাৰে সন্ধিয়া লালপুল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এই বিষয়ে ৰৌতা P/S Case No.26/22 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

কিন্তু এই জঘন্য ঘটনাটো সংঘটিত হোৱাৰ ৩৬ ঘন্টা উকলি যোৱাৰ পিছতো পাষণ্ড আব্দুল ৰহিমক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নৰপিশাচ জনক অতি শীঘ্ৰেই কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ভোক্তভোগী পৰিয়ালে।

অৱশ্যে আৰক্ষীয় এই ধৰ্ষণকাণ্ডৰ সত্যা-সত্য নিৰোপনৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 4 =

Back to top button