ভাৰতভ্ৰমণৰাজনৈতিক

৫দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা অভিমুখে উৰা মাৰিব প্ৰধানমন্ত্ৰী

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব মোডীয়ে

বুধবাৰে দিনৰ ১১ বজাত আমেৰিকা অভিমুখে উৰা মাৰিব প্ৰধানমন্ত্ৰী মোডী। ৫দিনীয়া ভ্ৰমণসূচীৰে যাব প্ৰধানমন্ত্ৰীগৰাকী।

২৪ ছেপ্টেম্বৰত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰিব মোডীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীক এই ভ্ৰমণত সংগ দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। লগতে তেওঁৰ লগত যাব উচ্চস্তৰীয় প্ৰতিনিধি দল।

২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আমেৰিকাৰ মু্খ্য কাৰ্যবাহীসকলৰ সৈতে মিলিত হ’ব বৈঠকত। উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

জাপান, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী।

২৪ ছেপ্টেম্বৰত QUAD সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.