Socialঅসম

ৰাইজৰ সমস্যা সমাধানৰ দাবীৰে বাঁওপন্থী সংগঠনৰ ‘ভাৰত বচাও’ কাৰ্যসূচী

বিভিন্ন সমস্যা দূৰীকৰণৰ দাবীৰে আজি ধেমাজিত ৰূপায়ন কৰা হয় 'ভাৰত বচাও' কাৰ্যসূচী

ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰিছে দেশবাসীক। সকলো দিশৰ পৰাই কোঙা হৈ পৰিছে সাধাৰণ জনতা। সমান্তৰালকৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি। মূল্যবৃদ্ধিৰ বাবে অসহায় হৈ পৰিছে ৰাইজ। ক’ভিড পৰিস্থিতিত অসহায় হোৱা প্ৰতিজন শ্ৰমিক আৰু কৃষক পৰিয়ালৰ আৰ্থিক দুৰৱস্থা দূৰীকৰণ, তেওঁলোকক ভেকচিন প্ৰদান আদিৰ দৰে বিভিন্ন সমস্যা দূৰীকৰণৰ দাবীৰে আজি ধেমাজিত ৰূপায়ন কৰা হয় ‘ভাৰত বচাও’ কাৰ্যসূচী।

চিপিআইএমৰ কাৰ্যালয়ৰ সম্মুখত চিপিআই এম, নিখিল ভাৰত কৃষক সভা, মহিলা সমিতি, অংগনবাদী কৰ্মী সহায়িকা আৰু মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চিপিআই এমৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা ধেমাজি চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই ধেমাজিৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰী সকলে।

দেশৰ ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষক বিৰোধী তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা, অংগনবাদী কৰ্মী-সহায়িকা, আশা কৰ্মীৰ, ৰান্ধনী, শ্ৰমিকৰ মাননী বৃদ্ধি কৰাৰ দাবীসমূহ আজিৰ কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + nineteen =

Back to top button