leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

ভাৰতবাসীৰ বাবে সুখবৰ! আহি আছে ৭৫টকাৰ নতুন মুদ্ৰা।

কেনেকুৱা হ'ব মুদ্ৰাটোৰ আকৃতি... 

২৮মে’ত উদ্বোধন কৰা হ’ব নতুন সংসদ ভৱন। উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে, নতুন সংসদ ভৱনৰ উদ্বোধনৰ স্মৃতিত ৭৫ টকাৰ এটা স্মাৰক মুদ্ৰা মুকলি কৰা হ’ব। নতুন সংসদ ভৱনৰ উদ্বোধনক বিশেষ কৰি তুলিবলৈ চাৰিটা ধাতুৰে সজ্জিত এই মুদ্ৰাটো উন্মোচিত কৰা হৈছে। জানিব পৰা মতে, মুদ্ৰাটোত নতুন সংসদ ভৱনৰ ছবি আৰু ইয়াৰ নাম লিখা থাকিব।

কেনেকুৱা হ’ব মুদ্ৰাটোৰ আকৃতি…

উল্লেখ্য যে, বিত্ত মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি ৭৫টকীয়া মুদ্ৰাটো ঘুৰণীয়া আকাৰৰ হ’ব। মুদ্ৰাটো চাৰিটা ধাতুৰে গঠিত হ’ব। যি৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংকেৰে গঠিত হ’ব। ২০২৩ চনৰ নতুন সংসদ ভৱনৰ ছবি তলত অংকন কৰা হ’ব।

কেৱল এইয়াই নহয় মুদ্ৰাটোৰ সন্মুখৰ অংশৰ মাজত অশোক স্তম্ভ আৰু আৰু সত্যমেৱ জয়তে লিখা হ’ব। মুদ্ৰাটোত দেৱনাগৰী লিপিত ‘ভাৰত’ আৰু ইংৰাজীত ‘INDIA’ লিখা থাকিব। মুদ্ৰাটোৰ পিছফালৰ ওপৰৰ পৰিধিত দেৱনাগৰী লিপিত সংসদ ভৱন আৰু তলৰ পৰিধিত ইংৰাজীত সংসদ ভৱন লিখা থাকিব। মুদ্ৰাটোৰ নক্সা সংবিধানৰ প্ৰথম অনুসূচীত দিয়া নিৰ্দেশনা অনুসৰি হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button