অসমআঞ্চলিকচাকৰি

APSC কেলেংকাৰীৰ নতুন মোৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব বহু ACS-APS

আকৌ APSC কেলেংকাৰীৰ লৈ উত্তাল হব ৰাজ্য। শেহতীয়া তদন্তত আৰু কিছু বিসংগতি ধৰা পৰিছে । সেয়ে প্ৰায় দুই দৰ্জন ACS-APSক চমন দিয়াটো নিশ্চিত হৈছে।

চৰকাৰী চাকৰিৰ প্ৰলোভনে মূৰত ধৰা একাংশৰ প্ৰতি কঠোৰ প্ৰশাসন। ধনৰ বিনিময়ত চাকৰি লৈ এতিয়া বিপদত একাংশ।
লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি লোৱা ACS, APSৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ পদক্ষেপ।

APSC কাণ্ডৰ আৰু দুই দৰ্জন ACS-APS অচিৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ বাবে অচিৰেই চমন দিব বুলি সদৰী কৰিছে তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচৰে। উল্লেখযোগ্য যে, ২২ জন ACS -APS বিষয়াক অচিৰেই চমন দিব ডিব্ৰুগড় আৰক্ষীয়ে।তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে সম্পূৰ্ণ হৈছে তদন্ত। মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ বিৰুদ্ধেও তদন্ত অব্যাহত আছে।

আনহাতে পূৰ্বৰ ৭০ অভিযুক্তক তথ্য প্ৰতিলিপি দিয়া প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। সেয়ে বিশেষ ন্যায়াধীশৰ আদালতে ২৫ অক্টোবৰত চাৰ্জফ্ৰেমৰ তাৰিখ ধাৰ্য কৰিছে।

উল্লেখযোগ্য যে, ২০১৬ বৰ্ষৰ পৰা দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত গোচৰটোৰ চাৰ্জফ্ৰেমৰ তাৰিখ ঘোষণাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.