Assamঅসমদৈনিক বাতৰিৰাজনৈতিক

আন্তঃসংসদীয় সংঘৰ অধিবেশনত ভাৰতক প্ৰতিনিধিত্ব কৰিব সাংসদ কামাখ্যা প্ৰসাদ তাচাই 

আন্তঃসংসদীয় সংঘৰ অধিবেশনত ভাৰক প্ৰতিনিধিত্ব কৰিব সাংসদ কামাখ্যা প্ৰসাদ তাচাই 

ভাৰতবৰ্ষৰ উপ ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ অধ্যক্ষ জগদীপ ধনখড়ে অহা ২৩ আৰু ২৭ অক্টোবৰত এংগোলাৰ লুৱাণ্ডাত অনুষ্ঠিত হবলগীয়া আন্তঃ সংসদীয় সংঘৰ ১৪৭ তম অধিবেশনৰ বাবে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক ভাৰতীয় দলৰ এগৰাকী সদস্য হিচাপে মনোনীত কৰিছে।

ৰাজ্য সভাৰ সচিবালয়ৰ পৰা প্ৰেৰণ কৰা এক পত্ৰত এই কথা প্ৰকাশ পাইছে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ গৰাকীয়ে কয়, এগৰাকী ভাৰতীয় প্ৰতিনিধি হিচাপে আন্ত:ৰাষ্ট্ৰীয় মঞ্চখনত অংশ গ্ৰহণৰ সুযোগ লাভ কৰি ধন্য মানিছোঁ। ৰাজ্যসভাৰ অধ্যক্ষলৈ কৃতজ্ঞ জনাইছোঁ। উল্লেখযোগ্য যে উক্ত সন্মিলনত আন দুগৰাকী সাংসদৰ লগতে ৰাজ্য সভাৰ সচিবালয়ৰ শীৰ্ষ বিষয়া সকলেও অংশগ্ৰহণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.