
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ব্যাপক তৎপৰতা বিজেপিৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই প্ৰাৰ্থীত্বৰ বাবে উঠিপৰি লাগিছে বিজেপিৰ বহু নতুন মুখ। পুৰণিক বিদায় দি দুকুৰিৰো অধিক সমষ্টিত নতুনক প্ৰাৰ্থীত্ব দিব বিজেপিয়ে। কিন্তু কি হ’ব নতুনক প্ৰাৰ্থীত্ব প্ৰদানৰ ফৰ্মূলা? এইক্ষেত্ৰত দলৰ লগতে বিভিন্ন পক্ষৰ পৰা একাংশ সচেতন তথা সংবাদ মাধ্যমৰ লোকৰ পৰা গোপন প্ৰতিবেদন বিচাৰিছে বিশেষ এটা পক্ষই। এই প্ৰতিবেদনৰ ওপৰতেই নিৰ্ভৰ কৰিব নতুন মুখে প্ৰাৰ্থীত্বপাবনে নাপায়।
নতুন মুখৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত নতুন কৌশল বিজেপিৰ। নতুন প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ৰিপ’ৰ্ট লাগে নেতৃত্বক। অধ্যাপক তথা বুদ্ধিজীৱিৰ পৰা বিচাৰিছে ৰিপ’ৰ্ট। সংবাদ মাধ্যমৰ একাংশ লোকৰ পৰাও বিচাৰিছে ৰিপ’ৰ্ট।
অহা সপ্তাহৰ ভিতৰত উক্ত পক্ষৰ পৰা প্ৰতিবেদন পোৱাৰ পিছতে নতুন মুখৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সিদ্ধান্ত ল’ব বিশেষ গোটটোৱে। এই গোটটোত নতুন মুখৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত গ্ৰহণ কৰা প্ৰতিবেদনসমূহ দাখিল কৰিব বিজেপিৰ নেতৃত্বত। উল্লেখ্য যে, অতি গোপনে ৰখা হব এই প্ৰতিবেদনসমূহ। কোনজন প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ ৰিপ’ৰ্ট কোনে কোনে প্ৰস্তুত কৰিব, সেয়াই নিৰ্দিষ্ট কৰি দিছে বিশেষ গোটটোৱে। উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত বিজেপিয়ে দিব নতুন মুখত গুৰুত্ব। বহু গুৰুত্বপূৰ্ণ সমষ্টিত বৰ্তমানৰ মন্ত্ৰী অথবা বিধায়কৰ নাম কৰ্তন কৰি নতুনক দিব প্ৰাৰ্থীত্ব। এই প্ৰাৰ্থীত্ব এতিয়া বহুপৰিমাণে নিৰ্ভৰ কৰিছে বিশেষ গোটটোৱে প্ৰদান কৰিবলগীয়া প্ৰতিবেদনসমূহৰ ওপৰত।

