জীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

বিজয়া দশমীৰ দিনা কৰক এইকেইটা কাম ভাগ্য সলনি হ’ব আপোনাৰো!

আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনাটোত দশেৰা উৎসৱ পালন কৰা হয়

আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনাটোত দশেৰা উৎসৱ পালন কৰা হয়। ইয়াক বিজয়া দশমী বুলিও কোৱা হয়। দশেৰাৰ অৰ্থ হৈছে বেয়াৰ ওপৰত ভালৰ জয়ক। আজিৰ দিনটোত বাস্তু সম্পৰ্কীয় এইবোৰ ব্যৱস্থা গ্ৰহণ কৰক ভাগ্য উদয় হ’ব আপোনাৰ।

 

নৱৰাত্ৰিত মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয় আৰু দশমীৰ দিনা বিসৰ্জন দিয়া হয়। ইয়াৰ সমান্তৰালভাৱে এই দিনটোতে দশেৰা উৎসৱ পালন কৰা হয়। অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় হিচাপে এই উৎসৱ পালন কৰা হয়। শাস্ত্ৰ অনুসৰি এই দিনটোতে ভগৱান ৰামে লংকাপতি ৰাৱনক বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোতে মা লক্ষ্মীৰ আশীৰ্বাদৰ লগতে সুখ আৰু সমৃদ্ধি লাভ কৰা হয়।

 

দশেৰাৰ দিনা এই বাস্তু ব্যৱস্থাসমূহ মানি চলক ভাগ্য সলনি হ’ব আপোনাৰ;
১. ঘৰ মচা পানীত সৈবন্ধ নিমখ দিব।
বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ ঋণাত্মক শক্তি আঁতৰাবলৈ ঘৰ পানীত সৈবন্ধ নিমখ দিব লাগে। এনে কৰিলে বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাব।

২.জয়ন্তীক নিৰাপদ স্থানত ৰাখক।
দশমীৰ দিনা নৱৰাত্ৰিও শেষ হয়। দেৱী বিসৰ্জন কৰাৰ পিছত ৰঙা কাপোৰ এখনত অলপ জয়ন্তী বান্ধি বাকচত ৰাখিব লাগে।

৩.ৰাৱণ দহনৰ কাঠ ঘৰলৈ আনক
বাস্তু শাস্ত্ৰৰ মতে ৰাৱণক দাহ কৰাৰ পিছত জলা কাঠৰ কিছু অংশ ঘৰলৈ আনিব লাগে। এনে কৰিলে ঘৰৰ নেতিবাচক শক্তি নাইকিয়া হয় আৰু সুখ সমৃদ্ধি বৃদ্ধি হয়।

৪. শ্ৰী লক্ষ্মী সুক্ত পাঠ কৰক
দশমীৰ দিনা শ্ৰী লক্ষ্মী সুক্ত পাঠ কৰক। এনে কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায় আৰু মা লক্ষ্মীৰ কৃপা সদায় থাকে।

৫.দশমীৰ দিনা চাৰিমুখীয়া চাকি জ্বলাওক
বাস্তু শাস্ত্ৰৰ মতে দশমীৰ দিনা সন্ধিয়া দক্ষিণ দিশত চাৰিমুখীয়া চাকি জ্বলাব লাগে। এনে কৰিলে ঘৰৰ সকলো কষ্টৰ অন্ত পৰে আৰু সুখ-সম্পত্তি বৃদ্ধি হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 10 =

Back to top button