Assamleatest updateSocialঅসমগুৱাহাটীদৈনিক বাতৰি

পঞ্চায়ত নিৰ্বাচন-কংগ্ৰেছ নিজৰ মাজতে যুঁজত ব্যস্ত

নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু বিজেপি

কি হ’ব কংগ্ৰেছৰ ভৱিষ্যত ? পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে ভূপেন বৰা হটাওত ব্যস্ত । আনহাতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ অৰ্থাত বুথ কমিটিলৈকে সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ সহযোগী জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্স আদিয়ে বিভিন্ন সময়ত বিজেপি হটাও দেশ বচাওৰ কথা কয়, কিন্তু সাম্প্ৰতিক ৰাজনীতিত যেনে ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ৰাজনৈতিক মহলত বিষয়টোয়ে চৰ্চা লাভ কৰিছে । বিৰোধী ঐক্য মঞ্চৰ ভিতৰত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে । এনেদৰে যদি দলীয় সংঘাত, পদবীৰ বাবে বাক বিতণ্ডা চলি থাকে তেন্তে বিৰোধী ঐক্য মঞ্চৰ বিজেপি উৎখাতৰ স্বপ্ন আধৰুৱা নহবনে ? বিজেপিৰ তৃণমূল পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিভিন্ন সমিতি গঠন কৰি প্ৰত্যেককে দায়িত্ব অৰ্পন কৰিছে নেতৃত্বই । কংগ্ৰেছৰ ভুলৰ বাবেই ৰাভা হাছঙৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাত বিফল হ’ল বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব বিচাৰিছে । প্ৰশ্ন হৈছে কংগ্ৰেছৰ ভৱিষ্যত কি হ’ব ? বিজেপি চৰকাৰৰ নেতাসকলে বিভিন্ন সময়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাসকলৰ লগত আলোচনা কৰি আহিছে । আনহাতে কংগ্ৰেছৰ মজিয়াত পদবীক লৈ কাজিয়াৰ অন্ত নোহোৱা হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.