অপৰাধঅসম

৪৮ ঘণ্টা নৌহওতেই জামিন লাভ কৰিলে অসমীয়া ভাষাক চৰম অপমান কৰা দুই বাঙালী নেতাই

উপযুক্ত প্ৰমাণ নথকাৰ বাবে জামিন মঞ্জুৰ কৰিলে আদালতে

৪৮ ঘণ্টা নৌহওতেই জামিন লাভ কৰিলে অসমীয়া ভাষাক অপমান কৰি গ্ৰেপ্তাৰ হোৱা বাঙালী যুৱ ছাত্ৰ সন্থাৰ দুই নেতাই। উপযুক্ত প্ৰমাণ নথকাৰ বাবে জামিন মঞ্জুৰ কৰিলে আদালতে।

শিলচৰ ৰে’ল ষ্টেচন, আই এছ বি টিত জল জীৱন আঁচনিৰ চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ক’লা ৰং সানিছিল দুই বাঙালী নেতাই। ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিবাদ।

প্ৰতিবাদৰ অন্তত মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল বাঙালী যুৱ ছাত্ৰ সন্থাৰ দুই নেতা সমৰ দাস আৰু  ৰাজু দেৱ। কিন্তু ৪৮ ঘণ্টা নৌহওতেই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে দুয়ো নেতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.