আন্তঃৰাষ্ট্ৰীয়খেল
Trending

ৰূপৰ পদক নহয়, সোণৰ পদক পাব মীৰাবাঈ চানুৱে!

ৰূপৰ পদকৰ পৰা স্বৰ্ণ পদকলৈ সলনি হ'ব চাংখম মীৰাবাঈৰ অলিম্পিকৰ পদক

টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে মীৰাবাঈ চানুৱে। ২৪ জুলাইৰ দিনটো ভাৰতীয় ভাৰত্তোলক মীৰাবাঈৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে হৈ ৰ’ল এক বিশেষ দিন। ৪৯ কেজি শাখাত পদক আজুৰিবলৈ সক্ষম হ’ল ভাৰতীয় খেলুৱৈগৰাকী।

শনিবাৰে অলিম্পিকৰ ভাৰত্তোলন প্ৰতিযোগিতাত মীৰাবাঈক পাছ পেলাই সোণৰ পদক পালে চীনৰ খেলুৱৈ ঝিহুই হৌয়ে। ভাৰতৰ মীৰাবাঈ চানুৱে ক্লিন এণ্ড জাৰ্কত বিশ্ব অভিলেখ গঢ়াৰ লগতে ২০২ কেজি ওজন দাঙি ৰচিলে ইতিহাস।

সোমবাৰে ৰূপৰ পদক পিন্ধি টকিঅ’ৰ খেলুৱৈ ভিলেজৰ পৰা ভাৰতলৈ উভতি আহিল উত্তৰ-পূবৰ জীয়ৰী মীৰাবাঈ। পিছে এতিয়া চৰ্চালৈ আহিছে মীৰাবাঈয়ে সোণৰ পদক লাভ কৰাৰ কথা। কিয়নো অলিম্পিকত সোণৰ পদক লাভ কৰা ঝিহুই হৌৰ কৰোৱা হ’ব ড’পিং টেষ্ট। ড’পিং টেষ্টৰ জৰিয়তে পৰীক্ষা কৰা হ’ব খেলুৱৈগৰাকীয়ে ড্ৰাগছ সেৱন কৰে নে নকৰে। খেলত ভাল পাৰদৰ্শিতা দেখুৱাবলৈ খেলুৱৈসকলে ড্ৰাগছ সেৱন কৰাটো নিষিদ্ধ অলিম্পিকত। যদিহে চীনৰ খেলুৱৈ ঝিহুই হৌৰ শৰীৰত ধৰা পৰে ড্ৰাগছ সেৱনৰ কোনো লক্ষণ, তেন্তে খেলুৱৈগৰাকীৰ পৰা আঁজুৰি লোৱা হ’ব স্বৰ্ণ পদক।

তেতিয়া ৰূপৰ পদকৰ পৰা স্বৰ্ণ পদকলৈ সলনি হ’ব চাংখম মীৰাবাঈৰ অলিম্পিকৰ পদক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.