অসমভাৰত

অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান

দেওবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, একালৰ ছাত্ৰ নেতা সমীৰণ বৰদলৈৰ দেহাৱসান ঘটে৷

কেইবামাহ আগৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈয়ে দেওবাৰে পুৱা ৭:১২ বজাত যোৰহাটৰ তৰাজান সোণাৰি গাঁৱৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাট জিলাতে শোকৰ ছাঁ বিয়পি পৰিছে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ।

বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ কাৰ্যালয়ত ৩ দিনলৈ কাৰ্যালয়ৰ পতাকা অৱনমিত হৈ থাকিব।

তেওঁৰ মৃত্যুত শোক প্ৰকাশ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.