অপৰাধআন্তঃৰাষ্ট্ৰীয়

প্ৰাণৰ শংকাত ৰোহিংগীয়া, শৰণাৰ্থী কেম্পত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত সাতজন ৰোহিংগীয়া শৰণাৰ্থী…

তিনি সপ্তাহ পূৰ্বে এজন ৰোহিংগীয়া সম্প্ৰদায়ৰ নেতাক তেখেতৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই। সেই ঘটনাৰ পিছতেই ম্যানমাৰৰ পৰা অহা ৯,০০,০০০ তকৈও অধিক শৰণাৰ্থী থকা শিবিৰত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা

সাম্প্ৰদায়িক সংঘাতত জৰ্জৰিত বাংলাদেশত পুনৰ অঘটন। এইবাৰ ৰোহিংগীয়া শৰণাৰ্থী কেম্পত দুৰ্বৃত্তৰ আক্ৰমণ।
বাংলাদেশ-ম্যানমাৰ সীমান্তত আশ্ৰয় লৈ থকা ৰোহিংগীয়া শৰণাৰ্থী কেম্পত দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত মৃত্যুক সাৱটি লয় সাতজন লোকে।

আক্ৰমণকাৰীসকলে বহুকেইজন ৰোহিংগীয়া লোকক গুলীয়াই হত্যা কৰাৰ লগতে ছুৰীকাঘাত কৰে। চাৰিজন লোকে ঘটনাস্থলীতে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে তিনিজন লোকে বালুখালি কেম্পৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

অৱশ্যে, এই আক্ৰমণত কেইজন লোক আহত হ’ল, সেয়া এতিয়াও সদৰী কৰা নাই আৰক্ষীয়ে।

আক্ৰমণৰ পিছতে এজন আক্ৰমণকাৰীক ততালিকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আক্ৰমণকাৰীজনৰ পৰা এটা বন্দুক, ৬ জাঁই সজীৱ গুলী আৰু এখন ছুৰী উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, তিনি সপ্তাহ পূৰ্বে এজন ৰোহিংগীয়া সম্প্ৰদায়ৰ নেতাক তেখেতৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই। সেই ঘটনাৰ পিছতেই ম্যানমাৰৰ পৰা অহা ৯,০০,০০০ তকৈও অধিক শৰণাৰ্থী থকা শিবিৰত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। শৰণাৰ্থীসকলৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ সমান্তৰালকৈ শুকুৰবাৰে সংঘটিত হয় এই হত্যাকাণ্ড। অজ্ঞাত আক্ৰমণকাৰীয়ে ৰোহিংগীয়াসকলৰ অধিকাৰৰ বাবে মাত মতা অধিবক্তা মহিব উল্লাহৰ হত্যাৰ পিছৰে পৰা এতিয়া আত্মগোপন কৰি আছে বহুতো ৰোহিংগীয়া কৰ্মী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.