শ্ৰেণীবিহীন

ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত অসমৰ মাৰিয়া বেগম

সৰ্বভাৰতীয় পৰ্যায়ত মাৰিয়াই দেখুওৱা কৃতিত্বই সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে

ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত অসমৰ মাৰিয়া বেগম। ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰি অসম তথা বৰাক উপত্যকালৈ সুনাম কঢ়িয়াই আনিছে কাছাৰ জিলাৰ সক্ষীপুৰৰ মাৰিয়া বেগমে।

অসম বিশ্ববিদ্যালয়ৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি মাৰিয়াই ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিযু্ক্তি লাভৰ বাবে এএফচিএটি পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে মাৰিয়াই বাৰাণসীত এছ এছ বিৰ এটা পাঁচদিনীয়া ব্যক্তি আৰু দক্ষতা বিকাশৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এছ এছ বিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পাছত মাৰিয়াই চিকিৎসা পৰীক্ষাতো উত্তীৰ হয় আৰু অৱশেষত ভাৰতীয় বায়ু সেনা বাহিনীৰ ফ্লায়িং অফিচাৰৰ মেধাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় মাৰিয়া বেগমে।

সৰ্বভাৰতীয় পৰ্যায়ত মাৰিয়াই দেখুওৱা কৃতিত্বই সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.