অসমখেল

অসম ক্ৰিকেট সন্থাই T20 ক্ৰিকেট মেচকলৈ সদৰি কৰিলে প্ৰৱেশ পথ, বাহন চলাচল, পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা!

T20 ক্ৰিকেট মেচকলৈ অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

গুৱাহাটীত ক্ৰিকেটৰ জ্বৰ। কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হাইভল্টেজ T-20 মেচ। অসমবাসীয়ে অধিক কৌতুহলেৰে বাট চাই আছে এই উত্তেজনাপূৰ্ণ মেচখনৰ বাবে। মেচখনৰপূৰ্বে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়া আৰু T20 ক্ৰিকেটৰ মিডিয়া চেলৰ অধ্যক্ষ পাৰ্থ সাৰথি মহন্তই সম্বোধন কৰে সংবাদমেলৰ৷

 

কাইলৈ অনুষ্ঠিত হ’বলগীয়া উত্তেজনাপূৰ্ণ এই মেচখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব আৰু অন্ত পৰিব ১১বজাত। হাইভল্টেজ খেলখনক লৈ সষ্টম অসম আৰক্ষী। বাহন চলাচল, পাৰ্কিঙৰ ক্ষেত্ৰত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। দৰ্শকৰ বাবেও সদৰি কৰিলে বিশেষ নীতি-নিৰ্দেশনা।

দুখন গেট এঘণ্টা পূৰ্বে খুলি দিয়া হ’ব। দুখন গেটৰ বাহিৰে বাকী সকলো গেট ৪বজাত প্ৰৱেশৰ বাবে খুলি দিয়া হ’ব। গেট নম্বৰ 5 আৰু গেট নম্বৰ 6 তিনি বজাত খুলি দিয়া হ’ব। সকলো দৰ্শককে এঘন্টাৰ আগতে আহিবলৈ অনুৰোধ৷ গেট নং ৫ ৰে সোমাব পাৰিব সাংবাদিকসকল।

 

BCCIৰ গাইড লাইন অনুসৰি কাৰ পাছৰ ব্যৱস্থা কৰা হৈছে। চম্পাৱতী, দাঁতালপাৰা, PWD ফিল্ডত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সীমিত সংখ্যক পাৰ্কিং পাছৰ ব্যৱস্থা কৰা হৈছে। 80 খন পাছ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু BCCI ৰ অফিচিয়েলে ব্যৱহাৰ কৰিব। VIP ৰ বাবে মাত্ৰ ৫০খন পাৰ্কিং পাছৰ ব্যৱস্থা কৰা হৈছে। VVIPৰ বাবে ৮০ খন পাছৰ ব্যৱস্থা কৰা হৈছে। ৩-৪ নং গেটৰ ওচৰত প্ৰায় ৭ বিঘা মাটিত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। দিনৰ এক বজাতে বাহন সমূহ পাৰ্কিং কৰিব লাগিব৷ গেট নং ১ ৰে কাৰ পাচ থকা সকলে সোমাব পাৰিব৷ AK ajad ৰোডেৰে এই স্থানলৈ বাহনসমূহ আহিব পাৰিব৷ চম্পাৱতী ফিল্ড, দঁটাল পাৰা ফিল্ড, pwd ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গঁড়চুক পথত বাহন সমূহ পাৰ্কিং কৰিব পাৰিব৷

 

ম’বাইল ফোন আৰু মানিবেগৰ বাহিৰে দৰ্শকে একো নিব নোৱাৰিব ষ্টেডিয়ামৰ ভিতৰলৈ৷ দৰ্শকৰ সকলো খোৱা লোৱাৰ ব্যৱস্থা অসম ক্ৰিকেট সন্থাৰ বিপনীৰ পৰা সংগ্ৰহ কৰিব পাৰিব৷ সকলোকে শান্তিপূৰ্ণ ভাবে খেল উপভোগ কৰিবলৈ আহ্বান ACAৰ। কোনো হিংসাত্মক কাৰ্যত জড়িত নহ’বলৈও আহ্বান সকলোকে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.