Socialঅপৰাধঅসমজীৱনশৈলী

জন্মদিনত কেক নহয়, এইবাৰ জন্মদিনত ক’কেইন

জন্মদিন উদযাপনৰ নামত আয়োজন কৰা হ’ল ড্ৰাগছ পাৰ্টি

জন্মদিনত কেক নহয়, এইবাৰ জন্মদিনত ক’কেইন।

জন্মদিন উদযাপনৰ নামত আয়োজন কৰা হ’ল ড্ৰাগছ পাৰ্টি। কিন্তু দিল্লী বা মুম্বাইত নহয়, এই ঘটনা মহানগৰীৰ গুৱাহাটীৰ।

সম্ভ্ৰান্ত লোকে উদযাপন কৰিলে বাৰ্থডে পাৰ্টি। কিন্তু এই পাৰ্টি ব্যতিক্ৰমী। কেকৰ ঠাইত পৰিৱেশন কৰা হ’ল ক’কেইন।

মহানগৰীৰ খাৰঘুলিৰ ৰিভেৰিয়া এপাৰ্টমেণ্টত অসম আৰক্ষীৰ অভিযানত আটক হ’ল ক’কেইন পাৰ্টীত অংশগ্ৰহণ কৰা ১৮ জনক লোকৰ লগতে প্ৰায় ৫০,০০০ টকাৰ ক’কেইন।

ক’ভিড প্ৰট’কল ভংগ কৰি নিশা ৰিভেৰিয়া এপাৰ্টমেন্টৰ তৃতীয় মহলাত চলিছিল অমৃত বৰুৱা নামৰ এজন ব্যক্তিৰ জন্মদিনৰ পাৰ্টি। সেই পাৰ্টীৰ পৰাই ক’কেইন সহ ১৮ গৰাকীকৈ পুৰুষ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ টুইট। অসম আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.