Socialজম্মু-কাশ্মীৰৰাষ্ট্ৰীয় সুৰক্ষা

পুনৰ এনকাউণ্টাৰ, নিৰাপত্তাৰক্ষীৰ গুলীত নিথৰ আনায়াত আশ্ৰাফ দৰৰ দেহ…

অস্ত্ৰ-শস্ত্ৰ দেখুৱাই অঞ্চলৰ লোকসকলক দীৰ্ঘদিন ধৰি ভয়-ভাবুকি প্ৰদান কৰি আহিছিল সন্ত্ৰাসবাদী আনায়াতে

সন্ত্ৰাস জৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰ। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ছ’পিয়ান জিলাত নিৰাপত্তাৰক্ষাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ছ’পিয়ান জিলাৰ কেশৱা এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আনায়াত আশ্ৰাফ দৰ নামৰ এটা সন্ত্ৰাসবাদীয়ে। পূৰ্বে অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে থকা আনায়াতে ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত আছিল।

কেশৱাত বুধবাৰে সাধাৰণ নাগৰিকৰ ওপৰত গুলীবৰ্ষণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জীৱত হামিদ নামৰ এজন লোক। ভৰিত গুলীবিদ্ধ লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। আনকি অস্ত্ৰ-শস্ত্ৰ দেখুৱাই অঞ্চলৰ লোকসকলক দীৰ্ঘদিন ধৰি ভয়-ভাবুকি প্ৰদান কৰি আহিছিল সন্ত্ৰাসবাদী আনায়াতে। অৱশেষত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদী আনায়াত আশ্ৰাফ দৰক।

ইতিমধ্যে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে নিৰাপত্তাৰক্ষীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.