শ্ৰেণীবিহীন

অসম গ্ৰন্থমেলাত বিক্ৰী হ’ল অভিলেখসংখ্যক প্ৰায় ১ কোটিৰো অধিক মূল্যৰ গ্ৰন্থ

অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীসকলে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষীত হৈছে

চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ বাকৰিত উদুলি-মুদুলি পৰিৱেশ। নতুন বছৰৰ পাতনিতে অভিলেখ সৃষ্টি হ’ল অসম গ্ৰন্থমেলাত৷

অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই ১২ দিনীয়াকৈ যুটীয়াভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীসকলে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষীত হৈছে।

গ্ৰন্থমেলা আৰম্ভ হোৱাৰে পৰা মাত্ৰ চাৰি দিনতে বিক্ৰী হয় অভিলেখসংখ্যক প্ৰায় ১ কোটি মূল্যৰো অধিক গ্ৰন্থ।
প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ।

উল্লেখ্য যে, গ্ৰন্থমেলাৰ ২৫ হাজাৰ টিকট বিক্ৰী হোৱাৰ বিপৰীতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.