দৈনিক বাতৰিপৰিৱেশ

আজি বিশ্ব নদী দিৱস, হাজাৰ-হাজাৰ সভ্যতাৰ জীয়া কাহিনী কঢ়িয়াই ফুৰা নদীখন বচাওঁ আহক…

বিশ্বৰ জলসম্পদ নদীসমূহৰ সংৰক্ষণ কৰাৰ লগতে জনসাধাৰণৰ মাজত নদীকেন্দ্ৰীক সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস

হাজাৰ-হাজাৰ সভ্যতাৰ জীয়া কাহিনী কঢ়িয়াই ফুৰে নদীখনে। নদীতেই জাহ যায়, নদীতেই প্ৰাণ পাই উঠে কত কাহিনী। নদীৰ পাৰতেই গঢ় লৈ উঠে প্ৰত্যেক সভ্যতা।

প্ৰতি বৰ্ষৰ ছেপ্টেম্বৰৰ অন্তিমটো দেওবাৰে বিশ্বজুৰি পালন কৰা হয় নদী দিৱস। বিশ্বৰ জলসম্পদ নদীসমূহৰ সংৰক্ষণ কৰাৰ লগতে জনসাধাৰণৰ মাজত নদীকেন্দ্ৰীক সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন ক্যী বাত অনুষ্ঠানতো নদী দিৱসৰ প্ৰসংগ টানি প্ৰেৰণ কৰে এক বিশেষ বাৰ্তা। নদীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ আমাৰ সকলোৰে থকা দায়িত্বৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

অসমতো নদী দিৱসৰ সুকীয়া পৰিৱেশ। ৰটাৰী ক্লাৱৰ উদ্যোগত আৰু টিলিঙা স্পৰ্টছ ক্লাৱৰ সহযোগত আয়োজন কৰা হয় নদী দিৱস। অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হয় ‘Save Bharalu’ শীৰ্ষক চাইকেল ৰেলী।

সত্তৰ অধিক চাইকেল আৰোহীয়ে অংশ লয় এই চাইকেল ৰেলীত। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অনুৰাধা শৰ্মা পূজাৰী আৰু দেবাশীষ শৰ্মা।

বোৱতী নৈখন বচাওঁ আহক। সচেতন হৈ নদীখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে আন দহজনকো অনুপ্ৰেৰণা দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। যদি নদীখনেই নাথাকে, তেন্তে সভ্যতাও হ’ব ধ্বংস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button