জীৱনশৈলীৰাজনৈতিক

আগন্তুক আই পি এলত দেখিবলৈ পোৱা যাব আফগানিস্তানৰ ক্ৰিকেটাৰ

আফগানিস্তানৰ অস্থিৰতাৰ ক্ষেত্রত হস্তক্ষেপ কৰিবলে বিশ্ব নেতৃত্বক আহ্বান আফগানিস্তানৰ তাৰকা ক্রিকেটাৰৰ

আফগানিস্তানৰ শাসনভাৰ তালিবানৰ হাতলৈ যোৱাৰ পাছতে অনিচ্ছয়তাত এতিয়া দেশখনৰ ভৱিষ্যত। তাৰ লগতে ভৱিষ্যতৰ শংকাত ভুগিছে আফগানিস্তানৰ ক্ৰিকেটাৰসকল।

আফগানিস্তানৰ তিনিগৰাকী তাৰকা ক্রিকেটাৰ ক্রমে ৰছিদ খান, মহম্মদ নবী আৰু মুজিব জাড্রান হ’ল আই পি এলৰ নিয়মীয়া খেলুৱৈ৷ তিনিগৰাকী ক্রিকেটাৰে আফগানিস্তানৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰাৰ ক্ষেত্রত হস্তক্ষেপ গ্রহণ কৰিবলৈ বিশ্ব নেতৃত্বক আহ্বান জনাইছিল যদিও আগন্তুক আই পি এলত দেখিবলৈ পোৱা যাব ৰছিদ খান আৰু মহম্মদ নবীক৷

আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ দুগৰাকীয়ে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত অংশ ল’ব বুলি ছানৰাইজার্ছ হায়দৰাবাদে প্রকাশ কৰিছে৷ দলটোৰ চি ই অ’ কে শ্বানমুগামে সংবাদ মাধ্যমৰ আগত কয় যে ৰছিদ আৰু নবী সম্প্রতি ইংলেণ্ডত আছে৷ তেওঁলোকে ‘দ্য হাণ্ড্রেড’ লীগত অংশ লোৱাৰ পিছতে পোনে পোনে ইউ এ ইলৈ উৰা মাৰিব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.