অসমজীৱনশৈলীদৈনিক বাতৰি

গামোচাৰে বিশ্ববাসীৰ মন জয় কৰাৰ চেষ্টা বিজয়ৰ, গামোচাত কি নাই…

তামুলপুৰৰ এগৰাকী যুৱকৰ বিশেষ সৃষ্টিৰাজি

তামুলপুৰৰ এগৰাকী যুৱকৰ বিশেষ সৃষ্টিৰাজি।

তামুলপুৰ জিলাৰ বিজয় দাসৰ সৃষ্টিশীল কৰ্মই সম্প্ৰতি তামুলপুৰৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে।

বিজয় দাসে ঘৰতে তাঁত শালত গামোচাত বাচি উলিয়াইছে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবিৰ লগতে বিভিন্ন দৃশ্য।

বৰখোপা গাঁও নিবাসী শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাসে অধ্যয়ণৰ সমান্তৰালভাৱে তাঁতশালত সুতাৰে তুলিছে সাহিত্যৰথী, দীপালী বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, মামণি ৰয়ছম গোস্বামী, হিৰেন ভট্টাচাৰ্য, জুবিন গাৰ্গ, পাপন মহন্ত, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে অসমৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু কামাখ্যা মন্দিৰ।
বিজয়ৰ এই প্ৰতিভা সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। সকলোৱে সলাগ লৈছে এই কাৰ্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.