অসমজীৱনশৈলীদৈনিক বাতৰি

মাজুলীত অবৰ্ননীয় পৰিৱেশ

ৰপেক্সত যাবলৈ অহা যাত্ৰীয়ে নিশাতো পাৰ কৰিলে অফলামূখ ফেৰী ঘাটত

মাজুলীত অবৰ্ননীয় পৰিৱেশ।

ৰপেক্সত যাবলৈ অহা যাত্ৰীয়ে নিশাতো পাৰ কৰিলে অফলামূখ ফেৰী ঘাটত। ফেৰীৰ টিকত নাপাই মহ দাহৰ কামোৰ খাই ফেৰী ঘাটতে নিশাতো কটালে ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ ১০ জনকৈ যাত্ৰীয়ে। পূৱা ৮ বজাৰ পৰা অপেক্ষা কৰিও নাপালেৰ পেক্সত যোৱাৰ সুবিধা।

যাত্ৰীসকলৰ দূৰৱস্থা দেখি স্থানীয় লোক আৰু শালমৰা মৌজাৰ মৌজাদাৰ ফনি দত্তৰ পৰিয়ালে নিশাৰ আহাৰ যোগান ধৰিলে।

বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো শ্ৰমিকসকলক ফেৰী পাৰ হোৱাত সুবিধা প্ৰদান নকৰিলে মাজুলী প্ৰশাসনে।

মূখ্যমন্ত্ৰীৰ নিৰ্দেশত একক ইঞ্জিন চালিত ফেৰী সেৱা বন্ধ তিনিটা দিন পাৰ হোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ফেৰী ব্যৱস্থা কৰিব নোৱাৰৰ ফলতেই যাত্ৰী সকলে এনেদৰে ওৰে নিশা দূৰ্ভোগ ভূগিব লগা হ’ল অফলামূখ ফেৰী ঘাটত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.