অসমআঞ্চলিক

অনিলৰ কাপুৰৰ প্ৰেমত অন্ধ এগৰাকী যুৱতী।

অনিল কাপুৰৰ সৈতে থকা অগাধ ভালপোৱাৰ বাবে ঘৰৰ পৰা টালি- টোপোলা বান্ধি ওলাই আহিল তাই।

মাইনাৰ অৱস্থা কাহিল অনিল নাহিল। অনিলৰ কাপুৰৰ প্ৰেমত অন্ধ এগৰাকী যুৱতী। ৫ বছৰীয়া প্ৰেম তাইৰ। অনিল কাপুৰৰ সৈতে থকা অগাধ ভালপোৱাৰ বাবে ঘৰৰ পৰা টালি- টোপোলা বান্ধি ওলাই আহিল তাই। পিছে কোন এই অনিল কাপোৰ। আপোনাৰো জানিব মন গৈছে নিশ্চয়।

প্ৰকৃততে যুৱতীগৰাকী হৈছে গোলাঘাটৰ। দিল্লীৰ অনিল কাপোৰ নামৰ যুৱক এজনৰ লগত ইনষ্টাগ্ৰামৰ জড়িয়তে হৈছিল প্ৰেম। ৫ বছৰে ভাল পাইছিল দুয়ো। বিয়া কৰোৱাৰ পতিশ্ৰুতি দিছিল অনিলে। সেয়ে দুয়ো সিদ্ধান্ত লৈছিল বিয়া কৰোৱাৰ। যুৱতী গৰাকীয়ে ঘৰৰ পৰা টালি- টোপোলা বান্ধি ওলাই আহিল গোলাঘাটলৈ। চহৰলৈ আহি ফোন কৰিলে প্ৰেমিকলৈ ৷ প্ৰেমিকে যুৱতীগৰাকীক আহিবলৈ ক’লে গুৱাহাটীলৈ৷ প্ৰেমিকাক নিবলৈ গোলাঘাটলৈ নাহে অনিল। সেয়ে গোলাঘাটৰ চহৰতে কান্দোনত ভাঙি পৰিল যুৱতীগৰাকী।

জানিব পৰা মতে যুৱতীগৰাকী গোলাঘাটৰ ৰঙাগড়াৰ। অৱশেষত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত যুৱতাগৰীক থানালৈ নিয়াৰ আপ্ৰাণ চেষ্টা কৰে আৰক্ষীয়ে। পিছে আকোৰগোজ যুৱতীগৰাকীয়ে বৰ্তমানেও প্ৰেমিকৰ ওচৰলৈ যোৱাৰ মন। অৱশেষত বহু সময় বুজনি দিয়াৰ পিছত আৰক্ষীয়ে কিশোৰী গৰাকীক থানালৈ লৈ যায় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.