AssambihuFestivalInternationalleatest updateRegionalSocial

অসমৰ মোহত কোৰিয়ান পপ তাৰকা! পপ তাৰকা Aooraৰ মুখত বিহু গীত…

কণ্ঠশিল্পী নিলুৎপল বৰা আৰু দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকাৰ সংমিশ্ৰণত বিহু গীত।

কোৰিয়ান পপ সংগীত আৰু বিহুগীত ভাল পোৱাসকললৈ সুখবৰ। কণ্ঠশিল্পী নিলুৎপল বৰা আৰু দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকাৰ সংমিশ্ৰণত বিহু গীত। ২২এপ্ৰিলত মুক্তি লাভ কৰা নীলোৎপল বৰাৰ “ঐ নাচনী” বিহুগীতটোৱে এতিয়া খলকনি তুলিছে ৰাজ্যত। গীতটিত তেওঁৰ লগতে কণ্ঠদান কৰিছে দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকা Aooraই ৷ কোৰিয়ান পপ শিল্পীগৰাকীৰ কণ্ঠত বিহুগীতটি মুক্তি লাভৰ পিছতে শ্ৰোতাৰ পৰা যথেষ্ট সমাদাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাকো দেখিবলৈ পোৱা গৈছে।

গীতটোৰ কথা সুনিত গগৈ, সংগীত কৰিছে নীলোৎপল বৰাই। গীতটিৰ কৰিগ্ৰাফী কৰিছে শচীন বৰুৱাই। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে Aooraৰ কণ্ঠত নীলোৎপল বৰাৰ”চেকচেকি পৰুৱা” বিহুগীতটিৰ কিছু অংশ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.