SocialSocial Networkআন্তঃৰাষ্ট্ৰীয়

লাইভ টিভি শ্ব’ত অঘটন, বতৰৰ আপডেট দি থাকোতেই ষ্টুডিঅ’ত বাজি গ’ল পৰ্ণ ভিডিঅ’…

মহিলা এংকৰে বতৰৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে এংকৰৰ পাছফালৰ স্ক্ৰীণত ১৩ ছেকেণ্ডৰ বাবে বাজে এটা পৰ্ণ ভিডিঅ'

লাইভ টিভি শ্ব’ত অঘটন। বতৰৰ আপডেট দি থাকোতেই বাজি গ’ল পৰ্ণ ভিডিঅ’। আমেৰিকাৰ ৱাশ্বিংটনৰ এটা নিউজ চেনেলত বতৰৰ আপডেট থাকোতে ভুলবশতঃ টেলিভিশ্যন স্ক্ৰীণত বাজি যায় এটা পৰ্ণগ্ৰাফিক ভিডিঅ’।

ৱাশ্বিংটনৰ KREM নামৰ এটা লোকেল চেনেলত দেওবাৰে সংঘটিত হয় এই ঘটনা। মহিলা এংকৰে বতৰৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে এংকৰৰ পাছফালৰ স্ক্ৰীণত ১৩ ছেকেণ্ডৰ বাবে বাজে এটা পৰ্ণ ভিডিঅ’।

বাতৰি চাই থাকোতে হঠাতে পৰ্ণ ভিডিঅ’ বজাত আচৰিত হৈ পৰে সকলো। মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’ ।

অৱশ্যে ভিডিঅ’ ক্লিপটোৰ বিষয়ে এংকৰ, সহকাৰী এংকৰকে ধৰি কোনো জ্ঞাত নাছিল। নিশা ১১ বজাৰৰ বাতৰিত ১৩ ছেকেণ্ডৰ বাবে বাজি যোৱা অশ্লীল, অসংযত ভিডিঅ’ৰ বাবে পৰৱৰ্তী সময়ত দৰ্শকৰ ওচৰত ক্ষমা বিচাৰে টিভি চেনেল কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.