অসমচিকিৎসা

ৰোগীৰ কাষত নহয় ৰাজপথত চিকিৎসক, দেশজুৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসকসকল

GMCHৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কনিষ্ঠ চিকিৎসকৰ। ডিব্ৰুগড়ৰ AMCHতো প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে।

দেশজুৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসক। বৃহস্পতিবাৰে নিশা The Federation of Resident Doctors’ Association (FORDA)ই আহ্বান জনায় প্ৰতিবাদৰ। এই আহ্বানৰ সঁহাৰি জনাই শনিবাৰে দেশৰ ভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে কনিষ্ঠ চিকিৎসকসকলে।

NEET পৰীক্ষাৰ কাউন্সেলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ বাবেই এই প্ৰতিবাদত বহে চিকিৎসকসকল।

চিকিৎসকৰ এই প্ৰতিবাদৰ অসমতো পৰিছে ব্যাপক প্ৰভাৱ। GMCHৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কনিষ্ঠ চিকিৎসকৰ। ডিব্ৰুগড়ৰ AMCHতো প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। এই প্ৰতিবাদৰ বাবেই সাময়িকভাৱে স্থগিত ৰখা হয় বহিঃবিভাগৰ কাম-কাজ।

উল্লেখ্য যে, NEET পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ে বিলম্ব কৰাৰ বাবেই দেশজুৰি প্ৰতিবাদত বহে চিকিৎসকসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.