অপৰাধঅসমমেঘালয়

৪৮ টা চাবোনৰ বাকচত উদ্ধাৰ ৫৮৪ গ্ৰাম হেৰ’ইন

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহা। অসম নাগালেণ্ড সীমান্তত পুনৰ উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। পুৰণা লাহৰীজান তহলদাৰী আৰক্ষী চকীৰ এছ আই লুটফুৰ ৰহমানৰ নেতৃত্বত হোৱা এক তালাচীত জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৪ কোটি টকাৰ ৫৮৪ গ্ৰাম হেৰ’ইন।

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখি এখন বাছত ৪৮ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। জব্দকৃত বাছখনৰ নম্বৰ এ আৰ-২০-২৭০০।

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাম ককিল আৰু ইৰেংবাম বাবু সিঙক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.