অসমজীৱনশৈলীদৈনিক বাতৰিস্বাস্থ্য

৫ মিনিটতে বিশেষজ্ঞৰ পৰা লাভ কৰিব পাৰিব যোগৰ পৰামৰ্শ

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে তৈয়াৰ কৰিছে বিশেষ এপ

দেশবাসীক যোগৰ বাবে সজাগ কৰিবলৈ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে তৈয়াৰ কৰিছে বিশেষ ম’বাইল এপ। যোগাভ্যাস সহজ কৰিবৰ বাবে আৰু সজাগ হ’বৰ বাবে মুকলি কৰা হব এই যোগ এপ। এপটোৰ সম্পূৰ্ণ নাম হৈছে যোগ ব্ৰেক। এই এপৰ জৰিয়তে ৫ মিনিটতে বিশেষজ্ঞৰ পৰা জানিব পাৰিব কিদৰে যোগ কৰিব পাৰিব।

অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মুকলি কৰা হব এপটো। মুকলি কৰিব সৰ্বানন্দ সোণোৱালসহ ৬জন কেন্দ্ৰীয় মন্ত্ৰীয়ে। গুগ’ল প্লে ষ্টোৰৰ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব যোগ ব্ৰেক।

এই এপটোৰ সম্পূৰ্ণ নাম হৈছে যোগ ব্ৰেক। বুধবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে আয়ুষ মন্ত্ৰণালয়ৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন ৬ জন কেন্দ্ৰীয় মন্ত্ৰীয়ে ইয়াক মুকলি কৰিব।

ৱাই-ব্ৰেকে সকলো ধৰণৰ যোগ আসন আৰু প্ৰাণায়ামৰ বিষয়ে তথ্য প্ৰদান কৰিব। এই এপে মানুহক বিশেষজ্ঞসকলৰ পৰা মাত্ৰ ৫ মিনিটত যোগ কেনেদৰে কৰিব লাগে সেই বিষয়ে অৱগত কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.