অসমপ্ৰাকৃতিক দুৰ্যোগ

অব্যাহত আছে বানৰ তাণ্ডব! পানীৰ তলত খেতিপথাৰ, ঘৰ-দুৱাৰ

প্ৰশাসনৰ আহৰি নাই বন্যাৰ্ত খবৰ দিবলৈ

অব্যাহত আছে বানৰ তাণ্ডব। পানীৰ তলত খেতিপথাৰ, ঘৰ-দুৱাৰ।

গহপুৰৰ বাকৰি দলনী পঞ্চায়তৰ বহু অঞ্চল এতিয়াও পানীৰ তলত। বানৰ সৈতে সহবাস কৰিব লগীয়া হৈছে একাংশ বন্যাৰ্তই। ঠুটেচাপৰি,  গোপালজাৰনী, বৰদলনীকে ধৰি কুৰিখনৰো অধিক গাওঁ আজিও প্লাৱিত হৈয়ে আছে।

বহু পৰিয়ালৰ আপোন ঘৰখন, খেতি বাতি ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰি তচনচ হৈছে। বন্যাৰ্তই  ভোকে-লঘোনে পাৰ কৰিব লগীয়া হৈছে সময়। ঘৰৰ ভিতৰত চাঙৰ ওপৰত চাং সাজি থাকিব লগা হৈছে বহু পৰিয়াল।

ইয়াৰ পাছতো  প্ৰশাসনে  সাহাৰ্য্য প্ৰদান কৰা দূৰৰে কথা খৱৰ লবলৈও আহৰি নোপোৱা বুলি অভিযোগ তুলিছে বন্যাৰ্তই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.