Assamleatest updateঅভিনয়

মুক্তিৰ পূৰ্বেই বিতৰ্কত যতীন বৰাৰ ‘ৰাঘৱ’!

বিতৰ্কৰ মাজতে ছবিখনক লৈ জুবিন গাৰ্গৰ মন্তব্য়।

সোনকালেই ছবি গৃহত আহি আছে ৰাঘৱ! ইতিমধ্যে ছবিখনৰ মুকলি কৰা হৈছে টিজাৰ। ২৭ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব লগীয়া এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে যতীন বৰাই আৰু প্ৰযোজনা কৰিছে নবনীতা শৰ্মাই। য’ত নিশিতা গোস্বামী আৰু প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনত এজন টেক্সি চালকৰ আৱেগিক যাত্ৰাৰ ৰূপৰেখা দেখোৱা হৈছে। ছবিখনত একচন,মনোৰঞ্জন আৰু ৰোমাঞ্চেৰে ভৰি থকাৰ কথা উল্লেখ কৰিছে যতীন বৰাই।

উল্লেখ্য যে, ২আগষ্টত চিনেমাখনৰ টিজাৰ মুকলি হোৱাৰ পিছৰে পৰা যতীন বৰাক লৈ সমালোচনাৰ সৃষ্টি হৈছে। নেটিজেনসকলৰ এটা বৃহৎ অংশই চিনেমাখন বৰ্জন কৰিবলৈও আহ্বান জনাইছে। ছবিখনত এটা মহাৰাষ্ট্ৰীয় বাদ্যযন্ত্ৰক অসম সংস্কৃতিৰ অংশ হিচাপে দেখুওৱাৰ বাবেও গায়ক নিলোৎপল বৰাই সমালোচনা কৰিছিল।

যতীন বৰাৰ আহিবলগীয়া ছবি ৰাঘৱৰ বৰ্জনৰ আহ্বানৰ মাজতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয় যে, ‘চিনেমাক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু তাৰ পৰিৱৰ্তে মানুহে কলা আৰু সংস্কৃতিক আঁকোৱালি ল’ব লাগে।’

লগতে তেওঁ কৈছিল,’চিনেমাখন কিয় বৰ্জন কৰিব লাগে, মই নিজেই চিনেমাখনৰ সৈতে জড়িত। যতীনে ‘ৰত্নাকৰ’ৰ পিছত তিনি বছৰৰ পিছত এখন নতুন চিনেমা লৈ আহিছে। তেওঁ সঁচাকৈয়ে চিনেমাখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে আৰু ইয়াৰ বাবে যথেষ্ট ধন ব্যয় কৰিছে। লগতে, আমি এই সত্যটোক সন্মান কৰা উচিত যে যতীনে আমাক ৩০ বছৰতকৈও অধিক সময় ধৰি মনোৰঞ্জন দি আহিছে, সেয়েহে আমি সকলোৱে আহি ছবিগৃহত ‘ৰাঘৱ’ চাব লাগে,”।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.