অসমউৎসৱদৈনিক বাতৰি

বাইহাটা চাৰিআলিৰ বৰপলহাত ৪৭ সংখ্যক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

বাইহাটা চাৰিআলিৰ বৰপলহাত ৪৭ সংখ্যক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

১৭ আৰু ১৮ এপ্রিল (অসমীয়া ৩ আৰু ৪ ব’হাগ) ৰ দিনা কামৰূপ জিলাৰ বৰপলহাত, বৰপলহা ৰঙালী বিহু সন্মিলনীয়ে দুদিনীয়া কাৰ্য্যসূচীৰে ৪৭ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰিছে। শ্ৰী চম্পক নাথক সম্পাদক হিচাপে লৈ গঠন কৰা ৪৭ সংখ্যক ৰঙালী বিহু সন্মিলনীৰ প্ৰথম দিনা অৰ্থাৎ ৩ ব’হাগৰ ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন কৰিব সন্মিলনীৰ সভাপতি শ্ৰী দুৰ্গেশ্বৰ নাথে। যোৱা বছৰৰ দৰে এইবেলিও পতাকা উত্তোলনৰ আগতে ৰাতিপুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দুয়োদিনৰ ভিতৰত কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কলহ ভঙা প্ৰতিযোগিতা, বিয়া নাম প্ৰতিযোগিতা ইত্যাদিৰ আয়োজন কৰা হৈছে।

প্ৰথম দিনা সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব বেজেৰা নিবাসী শ্ৰী বলোৰাম বৰুৱাদেৱে। ইয়াৰ পিছতে সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব প্ৰৱক্তা শ্ৰী দিগন্ত কুমাৰ ৰাভা ডাঙৰীয়াই। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰাৰ পিছতে ৰাতিলৈ বিভিন্ন দলে বিহু হুছৰি আৰু বিহু নৃত্য প্ৰদৰ্শন কৰিব। দ্বিতীয় দিনা বৰপলহা ( কঁহাৰতোলা) গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গাঁৱৰ কৃতি ছাত্র- ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ পিছতে বৰপলহাৰ স্বৰ্গীয় আনন্দ তালুকদাৰ সোঁৱৰণীত শ্ৰী উৎপল তালুকদাৰে আগবঢ়োৱা সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব বিশিষ্ট তথ্য চিত্ৰ প্ৰযোজিকা শ্ৰী ৰূপা বৰকটকীয়ে। ইয়াৰ পিছতে বিহু মঞ্চত নিজৰ গীত পৰিবেশন কৰিব বিশিষ্ট কন্ঠশিল্পী মাধুৰ্য মৌচম আৰু তেওঁৰ সংগীবৃন্দই।উক্ত দুয়োদিনৰ কাৰ্য্যসূচীত উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.