অপৰাধঅসমঅসম আৰক্ষী

“আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ’ব? মিচ বিহেভ নকৰিব”- বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক নীতি শিক্ষা দিলে মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাই

ভাইৰেল ফোন ক্লিপিংক লৈ ৰাজ্যজুৰি প্রতিক্রিয়া! সাহসিকতাৰ পৰিচয় দিয়া SI জোনমণিক সকলোৰে এতিয়া বাঃ বাঃ

বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই এগৰাকী মহিলা আৰক্ষী বিষয়াক ধমক দিলে। তেওঁ ক’লে, ‘হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনি হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে, সেইসকল মানুহ কেনেকৈ চলে। মানুহখিনি হাৰাশাস্তি নকৰিব। কাক কথা কৈছে ঐ, জানেনে নাই মই কোন?’

কিন্তু বিধায়কৰ ধমক খাই মনে মনে নাথাকিল মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা। তেওঁ ক’লে, ‘আপুনি এনেকৈ এইটো সুৰত কথা কৈছে যে, আপুনি চৰকাৰক কি উত্তৰ দিব? মন্ত্ৰী বিধায়ক হৈ এনেকৈ কথা কৈছে যে?’ লগতে তেওঁ কয়, ‘আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ’ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।’

এখন নাৱক কেন্দ্র কৰি ফোনযোগে বাক বিতণ্ডা হৈছিল দুয়োৰে মাজত। বিহপুৰীয়া সমষ্টিৰ পৰা মাজুলীলৈকে ধূনাগুৰি ঘাট আৰু চেনীমৰা ঘাটেৰে নিষেধাজ্ঞা আৰোপ কৰাৰ স্বত্তেও এটা ইঞ্জিনৰ নাও চলাচল কৰি আছিল। নাৱত নাছিল পৰ্যাপ্ত লাইফ জেকেট, অত্যাধিক যাত্ৰী আৰু বাহন উঠাইছিল। আৰু আৰক্ষী বিষয়াগৰাকীয়ে সাহসেৰে সোৱনশিৰি নদীৰ বুকুত খেদি খেদি আটক কৰিছিল একাংশ লেচীক লগতে জব্দ কৰিছিল নাওসমূহ। আৰু তেতিয়াও বিধায়ক অমিয় ভূঞা ক্ষুব্ধ হৈ উঠে মাজুলীৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
এই ঘটনাটোৰ পাছতে ভাইৰেল হৈ পৰে ফোন ক্লিপিং আৰু ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হয়। সাহসিকতাৰ পৰিচয় দিয়া SI জোনমণিক সকলোৰে এতিয়া বাঃ বাঃ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.