অসমচিকিৎসা

কেতিয়াকৈ ন্যায় পাব মাজুলীৰ তেজস্বীতা বৰুৱাই!

সাক্ষ্য দিবলৈ ওলাই আহিল যুৱ ছাত্ৰ পৰিষদসহ দল-সংগঠন

উদয়নমান কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ মৃত্যুৰ পিছৰ পৰাই সমালোচনাৰ সন্মুখীন হৈ আহিছে মাজুলীৰ স্বাস্থ্য খণ্ড । ইতিমধ্যে এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল চৰকাৰে। ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনাও কৰিছিল চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনক যে, সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক। বহু সময়ত ছচিয়েল মিডিয়াত যিয়ে তেজস্বীতাৰ ন্যায় বিচাৰিছিল সেই সকলকো দেখা নগ’ল তেজস্বতীৰ বাবে ওলাই অহা। এই খবৰ যোৱাকালি বাতৰিত সম্প্ৰচাৰ হোৱাৰ পাছতে তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ ফুকনে ৰাজহুৱা সাক্ষ্যৰ দিন পুনৰ ১৯ অক্টোবৰলৈ বঢ়াই দিছিল। লগতে পৰিয়ালৰ লোকেও কাতৰভাৱে আহ্বান কৰিছিল ৰাইজক।

 

পিতৃ ৰুহিত বৰুৱাই কৈছিল যে আমি সাক্ষ্য দিবলৈ সাজু আছো। আমি পৰিয়ালৰ ৫ জনেই দিম সাক্ষ্য। প্ৰকৃততে লগত গৈছিল কোন সাক্ষী লওক। লগতে ৰাইজৰো সহায় বিচাৰিলে ৰুহিত বৰুৱাই।

 

 

আনহাতে বৃহস্পতিবাৰ অৰ্থাৎ আজি যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্র সন্থাই সাক্ষ্য প্ৰদানৰ বাবে আগবাঢ়ি আহে। আজি গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.