অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ বিতৰ্কত জুবিন; বঙাইগাঁও জিলাত নিষিদ্ধ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক

কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰাৰ বাবেই কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত কৰিছে বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।

বিভিন্ন সামাজিক-ৰাজনৈতিক বিষয়ত মন্তব্য দি প্ৰায়ে বিতৰ্কত সোমাই থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক নিষিদ্ধ কৰিছে বঙাইগাঁও জিলাত। কোচ ৰাজবংশী ছাত্ৰ সংগঠনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰাৰ বাবেই কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত কৰিছে বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।

‘কমতাপুৰ ৰাজ্যৰ বিৰোধীতা কৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ক্ষমা নোখোজালৈকে বঙাইগাঁও জিলাত জুবিন গাৰ্গক কোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহ’ব’, ফেইচবুকযোগে এই কথা লিখিছে বঙাইগঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱে।

সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে কয় যে জুবিন গাৰ্গে ক্ষমা খুজিব লাগিব অন্যথা তেওঁক বঙাইগাঁৱৰ কোনো মঞ্চতে গীত পৰিৱেশন কৰিবলৈ দিয়া নহ’ব।

জানিব পৰা মতে, আগন্তুক ব’হাগ বিহুৰ সময়ত বঙাইগাঁও জিলাত দুটা অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈছে জুবিন।

উল্লেখ্য যে, অসমৰ বৃহত্তৰ অঞ্চল সামৰি কমতাপুৰ ৰাজ্য গঠন হ’ব বুলি চৰ্চা লাভ কৰাৰ পিছতে ভোগালী বিহুৰ সময়ত গোৱালপাৰাত এক সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।

জুবিনে গোৱালপাৰাত কৈছিল, ‘মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো’।

কমতাপুৰৰ বিৰোধিতা কৰি জুবিন গাৰ্গে এনেদৰে মন্তব্য কৰিছিল, ‘শুনিছো আকৌ অসমৰ বিভাজন হ’ব৷ জন্ম ল’লে অসমত আকৌ বেলেগ ৰাজ্যৰ ভোটাৰ কাৰ্ড উলিয়াব লাগিব৷ বিজেপিয়েই বা কংগ্ৰেছেই হওক অসমৰ ডিভাইড এণ্ড ৰুল চাপোৰ্ট নকৰো৷ কমতাপুৰ ষ্টেট মোকো নালাগে, আপোনাকো নালাগে৷ এই মঞ্চৰ পৰাই কেন্দ্ৰৰ মোদী চৰকাৰক আহ্বান জনাইছো এনে নকৰিব’৷

উল্লেখ্য যে, এই মন্তব্যৰ পিছতে কোচ ৰাজবংশীৰ ছাত্ৰ সংগঠনৰ লগতে জনগোষ্ঠীটোৰ আন আন দল-সংগঠনে জুবিনক চোকা ভাষাৰে সমালোচনা কৰি ক্ষমা নোখোজা পৰ্যন্ত তেওঁক বৰ্জন কৰাৰ হুংকাৰ দিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.