জীৱনশৈলীভাৰতমনোৰঞ্জন

তামিলনাডুৰ এজন যুৱকে মাত্ৰ ১টকীয়া মুদ্ৰাৰে বাজাজ শ্ব’ৰুমৰ পৰা ক্ৰয় কৰে নিজৰ সপোনৰ বাইকখন?

ভি বুবাথি নামৰ যুৱকজনে তেওঁৰ সপোনৰ বাইক 'ডমিনাৰ 400' মটৰচাইকেলখন তিনি বছৰ ধৰি সাঁচি ৰখা ধনেৰে মুঠ ২.৬ লাখ টকাত ক্ৰয় কৰে

তামিলনাডুৰ এজন যুৱকে চালেমৰ বাজাজৰ পৰা সপোনৰ বাইকখন ক্ৰয় কৰিলে ১টকীয়া মুদ্ৰাৰে!

তামিলনাডুৰ আম্মাপেটৰ গান্ধী ময়দানত বাস কৰা ভি বুবাথি নামৰ যুৱকজনে তেওঁৰ সপোনৰ বাইক ‘ডমিনাৰ 400’ মটৰচাইকেলখন তিনি বছৰ ধৰি সাঁচি ৰখা ধনেৰে মুঠ ২.৬ লাখ টকাত ক্ৰয় কৰে। যি ধন তেওঁৰ বন্ধুবৰ্গৰ সৈতে মোনাৰে ভৰ্তি এখন মিনি ভ্যানত শ্ব’ৰুমলৈ লৈ যায়।

মিনি ভ্যানখনত থকা টকাৰ মোনাত আছিল মুঠ ২.৬ লাখ টকাৰ এটকীয়া মুদ্ৰা। টকাখিনি ডিলাৰসকলক গণনা কৰিবলৈ প্ৰায় দহ ঘণ্টা সময় লাগিছিল।

বুবাথিয়ে বাজাজ শ্ব’ৰুমলৈ গৈ ১টকীয়া মুদ্ৰাসমুহেৰে বাইকখনৰ ধন পৰিশোধ কৰিব বিচৰাত কৰ্মচাৰীসকলে প্ৰথমে অলপ অনিচ্ছুক আছিল, কিন্তু পাছত বুবাথি, তেওঁৰ চাৰিজন বন্ধু আৰু শ্ব’ৰুমৰ পাঁচজন কৰ্মচাৰীয়ে মুদ্ৰাসমুহ গণনা কৰি বাইকখন ক্ৰয় কৰে। সম্পূৰ্ণ পৰিমাণটো গণনা কৰিবলৈ প্ৰায় ১০ ঘণ্টা সময় লাগিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.