অপৰাধমুম্বাই

Crime: প্লাষ্টিকৰ টেমাৰ ভিতৰত উদ্ধাৰ ব্যক্তিৰ চকু, কাণ, মস্তিষ্ক আৰু মুখৰ অংশ…

ভগা-চিঙা সামগ্ৰীৰে ভৰি থকা দোকানখনত সোমবাৰে আৰক্ষীয়ে প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে কেইবাটাও প্লাষ্টিকৰ টেমা। তাৰে দুটা প্লাষ্টিকৰ টেমাৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰে মানুহৰ কাণ, মস্কিষ্ক, চকু আৰু মুখৰ কেইটামান অংশ। ইতিমধ্যে, ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে অৱশিষ্টখিনি।

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই পুনৰ জোকাৰিছে মুম্বাই। মুম্বাইত এটা আৱাসিক এলেকাৰ তলতে থকা এখন বন্ধ দোকানত উদ্ধাৰ কৰা হৈছে এজন ব্যক্তিৰ শৰীৰৰ অৱশিষ্ট। মুম্বাইৰ নাকা অঞ্চলত সোমবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে দেহৰ কেইবাটাও অংশ। কেইবাদিন ধৰি বন্ধ হৈ থকা দোকানখনৰ পৰা দুৰ্গন্ধ ওলোৱাত স্থানীয় ৰাইজে দেওবাৰে নিশাই খবৰ দিয়ে আৰক্ষীক।

ভগা-চিঙা সামগ্ৰীৰে ভৰি থকা দোকানখনত সোমবাৰে আৰক্ষীয়ে প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে কেইবাটাও প্লাষ্টিকৰ টেমা। তাৰে দুটা প্লাষ্টিকৰ টেমাৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰে মানুহৰ কাণ, মস্কিষ্ক, চকু আৰু মুখৰ কেইটামান অংশ। ইতিমধ্যে, ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে অৱশিষ্টখিনি।

উল্লেখ্য যে, দোকানখনৰ গৰাকীৰ দুজন পুত্ৰ হৈছে চিকিৎসক। গতিকে চিকিৎসাৰ ক্ষেত্ৰতেই এই মানৱ দেহৰ অৱশিষ্ট ৰখাৰ সন্দেহ কৰা হৈছে। সকলো দিশ সামৰি অনুসন্ধান চলোৱা হৈছে যদিও এতিয়ালৈকে কাৰো বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.